Assameseনেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰতমাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি এন্দ্ৰি ৰাজ'য়েলিনা সংসদীয় বিৰোধী দলৰ নেতা, এজন সামৰিক বিষয়া আৰু এজন বিদেশী কূটনীতিবিদ সোমবাৰৰ ৰাষ্ট্ৰ এৰি পলায়ন কৰিছে। পানী আৰু বিজুলী যোগানৰ দাবীত প্ৰথমে হৈছিল আন্দোলন।Jyotishmoy Dutta Oct 15, 2025 14:42 ISTনেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰত Photograph: (DY365)নেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰত...বিশ্ব চৌদিশে এতিয়া মাথো যেন Gen-zৰ প্ৰতিবাদ। শ্ৰীলংকা,বাংলাদেশ আৰু নেপালত হৈছিল তীব্ৰ প্ৰতিবাদ । Gen-zৰ প্ৰতিবাদত ইখনৰ পিছত সিখন দেশৰ মুৰব্বীয়ে দেশ এৰি পলায়ন কৰিছে। সমান্তৰালকৈ ভাৰত মহাসাগৰীয় এখন দ্বীপৰাষ্ট্ৰ মাডাগাস্কাৰত একে ঘটনাই বিৰাজ কৰিছে। ২৫ ছেপ্টেম্বৰৰ পৰা দ্বীপ ৰাষ্ট্ৰখনত যুৱপ্ৰজন্মৰ ধ্বংসলীলা অব্যাহত আছিল। মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি এন্দ্ৰি ৰাজ'য়েলিনা সংসদীয় বিৰোধী দলৰ নেতা, এজন সামৰিক বিষয়া আৰু এজন বিদেশী কূটনীতিবিদে সোমবাৰে ৰাষ্ট্ৰ এৰি পলায়ন কৰিছে। পানী আৰু বিজুলী যোগানৰ দাবীত প্ৰথমে হৈছিল এই আন্দোলন। পৰৱৰ্তী সময়ত এই আন্দোলনে ৰূপ লয় ভ্ৰষ্টাচাৰবিৰোধী আন্দোলনৰ। ৰাষ্ট্ৰপতি এন্ড্ৰী ৰাজ’এলিনাৰ বিৰুদ্ধে ধ্বংসাত্মক প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীয়ে। দেশখনৰ প্ৰায় ৩ কোটি লোকৰ ৭৫% দৰিদ্ৰ সীমাৰেখাৰ তলৰ। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বৈষম্যৰো অভিযোগ Madagascarৰ Gen Z ।। বিশ্বজুৰি চলি থকা Gen Z- প্ৰতিবাদৰ ঢৌৰ মাজত মাত্ৰ এমাহৰ ভিতৰতে যুৱ প্ৰদৰ্শনকাৰী সকলে চৰকাৰক উৎখাত কৰাৰ এইটো দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে নেপালৰ কাঠমাণ্ডুত যুৱক-যুৱতীসকলে দুৰ্নীতি আৰু ছ'চিয়েল মিডিয়া নিষিদ্ধকৰণৰ প্ৰতিবাদ কৰি নেপাল চৰকাৰক উৎখাত কৰিবলৈ সক্ষম হৈছিল। এই ক্ষোভ নেপালৰ দৰে ঠাইত শেহতীয়াকৈ হোৱা অভিজাত শ্ৰেণী-বিৰোধী আন্দোলন য’ত যোৱা মাহত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছিল। AdvertismentALSO READ:পাকিস্তানত হিংসাত্মক প্ৰতিবাদঃ TLPৰ ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত হাই-এলাৰ্টসংসদৰ বিৰোধী দলৰ মুৰব্বী ছিটেনি ৰান্দ্ৰিয়ানাছ'লোনিয়াকোৱে জনোৱা অনুসৰি, প্ৰতিবাদকাৰীসকলৰ সৈতে মিলি যোৱা সেনা ইউনিটসমূহে চৰকাৰৰ পক্ষত্যাগ কৰাৰ পাছত ৰাজ'য়েলিনা দেওবাৰে মাডাগাস্কাৰ এৰি গৈছিল। ৰান্দ্ৰিয়ানাছ'লোনিয়াকোৱে কয়, 'আমি ৰাষ্ট্ৰপতিৰ কৰ্মচাৰীসকলৰ সৈতে যোগাযোগ কৰিছিলো, আৰু তেওঁলোকে দেশৰ পৰা তেওঁৰ প্ৰস্থান নিশ্চিত কৰিছে। ৰাষ্ট্ৰপতিৰ বৰ্তমানৰ অৱস্থান প্ৰকাশ কৰা হোৱা নাই। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে মন্তব্যৰ বাবে কৰা প্ৰশ্নৰ উত্তৰ দিয়া নাই।'ALSO READ:শ্ৰীলংকা, বাংলাদেশৰ পিছত নেপাল গণঅভ্যুত্থানত যেতিয়া থানবান হৈ যায় চৰকাৰ....সোমবাৰে দেৰিকৈ ফেচবুকত জাতিৰ উদ্দেশ্যে দিয়া এক ভাষণত ৰাজ'য়েলিনাই নিজৰ সুৰক্ষা নিশ্চিত কৰি তেওঁ এটা নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱা বুলি ব্যাখ্যা কৰে। তেওঁ নিজৰ অৱস্থান প্ৰকাশ কৰাৰ পৰা বিৰত থাকে কিন্তু এক দৃঢ় সুৰত "মাদাগাস্কাৰৰ ধ্বংস হ'বলৈ নিদিওঁ" বুলি শপত লয়। এই মন্তব্যৰ পাছতে বহু কূটনীতিবিদৰ মতে ৰাজ'য়েলিনাই পদত্যাগ কৰাৰ আহ্বান নাকচ কৰিছে বুলি মতপোষণ কৰিছে। ALSO READ:জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী...হিংসা প্ৰদৰ্শনৰ ফলত ৰাষ্ট্ৰপতিগৰাকী ফ্ৰান্সলৈ পলায়নৰ সন্দেহ কৰা হৈছে। তথ্য অনুসৰি ৰাজ'য়েলিনাই দেওবাৰে এখন ফৰাচী সামৰিক বিমানত দেশৰ পৰা ওলাই গৈছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে এক চুক্তি কৰিছিল। গাজা যুদ্ধবিৰতি আৰু পণবন্দী সন্মিলনৰ পাছত ইজিপ্তৰ পৰা মন্তব্য কৰি মেক্ৰঁৱে কয় যে ৰাজ'য়েলিনাৰ পলায়নত ফ্রান্সৰ সহায় কৰে। তেওঁ মাদাগাস্কাৰৰ সাংবিধানিক নীতি উদ্দেশ্য বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়ে, যুৱক-যুৱতীসকলৰ হতাশাৰ বৈধতাক স্বীকাৰ কৰে। এখন ফৰাচী সেনাৰ কাছা (Casa) বিমান দেওবাৰে মাদাগাস্কাৰৰ ছেইণ্ট মেৰী বিমানবন্দৰত অৱতৰণ কৰিছিল। তথ্য অনুসৰি পাঁচ মিনিটৰ ভিতৰত এখন হেলিকপ্টাৰে ৰাজ'য়েলিনা বিমানখনে তুলি নিয়ে।ALSO READ:ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক!বিক্ষোভৰ ফলত এইপৰ্যন্ত নিহত হয় ২২ আন্দোলনকাৰী। শান্তি স্থাপনৰ বাবে আহ্বান জনাইছে আফ্ৰিকী সংঘই। পৰিস্থিতিক লৈ সতৰ্ক হৈ আছে মাডাগাস্কাৰত থকা আমেৰিকা দূতাবাস। পূৰ্বতে ফ্ৰান্সৰ উপনিৱেশ আছিল মাডাগাস্কাৰ।১৯৬০ত ফৰাছী উপনিৱেশৰ পৰা মুক্ত হৈছিল মাডাগাস্কাৰ। বৰ্তমান দেশখনৰ শাসন হাতত তুলি লৈছে CAPSAT বাহিনীয়ে। মাডাগাস্কাৰৰ বিশেষ অন্য গোট CAPSAT । ২০০৯ত ৰাষ্ট্ৰপতি ৰাজ’এলিনাত ক্ষমতালৈ অহাত সহায় কৰিছিল CAPSAT। Read the Next Article