Advertisment

সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।

 আপোনাৰ সন্তান অনলাইন গেমত আসক্ত নেকি? Photograph: (internet)
আপোনাৰ সন্তান অনলাইন গেমত আসক্ত নেকি? Photograph: (internet)

সাৱধান! আপোনাৰ সন্তানে কি কৰে খবৰ ৰাখক! 


অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

স্মাৰ্ট ফোনে মানুহৰ জীৱনলৈ আনিছে আমূল পৰিৱৰ্তন। 4G, 5Gৰ দিনত এই স্মাৰ্ট ফোনে সু-প্ৰভাৱ পেলোৱাৰ লগতে প্ৰচুৰ পৰিমাণে পেলাইছে যথেষ্ট কু-প্ৰভাৱো। জ্যেষ্ঠজনৰ পৰা শিশু, অবাল-বনিতালৈকে সকলোৱে আজিৰ দিনত ব্যৱহাৰ কৰে ইণ্টাৰনেট কিম্বা স্মাৰ্ট ফোন। কিন্তু এই স্মাৰ্ট ফোন নাবালক অথবা ৫-৬ বছৰীয়া শিশুৱে ব্যৱহাৰ কৰাতো কিমান যুক্তি সংগত? 

Advertisment

এটা খবৰে আপোনাৰো বুকু কঁপাই তুলিব। এই খবৰ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ। এটি কণমানি, নাম যশ কুমাৰ। শিশুটিৱে অধ্যয়ন কৰে ষষ্ঠ শ্ৰেণীত। এতিয়া আহো মূল কাহিনীলৈ। শিশুটিৰ হাতত পিতৃ-মাতৃৱে তুলি দিলে স্মাৰ্ট ফোন। অৱশ্যে স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ উপযোগিতা নুই কৰিব নোৱাৰি। বিদ্যায়লৰ ভিন্ন অধ্যয়ন সামগ্ৰী লগতে শিক্ষাৰ উপযোগী শেহতীয়া খবৰৰ বাবে বিদ্যালয়ৰ পৰাও শিক্ষক-শিক্ষয়ত্ৰীয়ে স্মাৰ্ট ফোন ল'বৰ বাবে কিছুক্ষেত্ৰত পৰামৰ্শ দিয়ে। ঠিক সেইদৰেই লক্ষ্ণৌৰ যশ কুমাৰ নামৰ ছাত্ৰগৰাকীৰ হাতত স্মাৰ্ট ফোন পৰাত অধিক ব্যৱহাৰ কৰিবলৈ লয় ছাত্ৰগৰাকী। ক্ৰমান্বয়ে স্মাৰ্ট ফোন আৰু ইণ্টাৰনেটৰ দুনীয়াত সোমাই পৰা যশ কুমাৰ এদিন আসক্ত হ'ল অনলাইন গেমত। 

অনলাইন গেমত গভীৰভাৱে সোমাই পৰা লক্ষ্ণৌৰ মোহনলালগঞ্জৰ BIPS স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ যশ কুমাৰে লগালে বিপুল পৰিমাণৰ ধন। যশৰ পিতৃ সুৰেশ কুমাৰে ঘৰৰ মাটি বিক্ৰী কৰি গোটাইছিল প্ৰায় ১৩ লাখ টকা। পিতৃৰ সেই ১৩ লাখ টকাৰ সমুদায় ধন মাত্ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ যশ কুমাৰে লগাই দিলে অনলাইন গেমত অৰ্থাত বিনোয়গ কৰিলে। কিন্তু সফলতাৰ বিপৰীতে ছাত্ৰ যশ কুমাৰে হেৰুৱালে সমুদায় ধন। অনলাইন গেমত বিপুল পৰিমাণৰ ধন হেৰুৱাই শেষত আত্মহত্যা কৰিলে ছাত্ৰগৰাকীয়ে। 

অৱশ্যে পিতৃয়ে পূৰ্বে এই কথা বুজিব পৰা নাছিল যে পুত্ৰই মাটি বিক্ৰী কৰি বেংকত জমা কৰা ধন অনলাইন গেমত ব্যৱহাৰ কৰিছে। এদিন পাছবুকৰ আপডেট কৰোতে পিতৃয়ে দেখা পাই যে একাউণ্টত ধন নাই। স্তম্ভিত হৈ পিতৃয়ে হেৰুওৱা ধন বিচাৰি কৰিলে তদন্ত। তদন্তত পিতৃয়ে দেখিলে যে ১৩ লাখ টকাই অনলাইন গেমৰ জৰিয়তে ব্যয় কৰা হৈছে। ধন হেৰুৱাই সৰ্বস্বান্ত হোৱা পিতৃ সুৰেশ কুমাৰে ঘৰলৈ আহিয়ে পুত্ৰক কৰিলে প্ৰশ্ন। পিতৃৰ ধমকত যশ কুমাৰে অৱশেষত স্বীকাৰ কৰে যে অনলাইন গেম ফ্ৰী ফায়াৰ খেলোতে হেৰুৱালে এই বৃহত পৰিমাণৰ ধন। 

পিতৃ-মাতৃৰ কঠোৰ অনুশাসন আৰু দাবী-ধমকিৰ অন্তত লক্ষ্ণৌৰ যশ কুমাৰ নামৰ ছাত্ৰগৰাকীয়ে অৱশেষত বাছি লয় চৰম পন্থা। গতিকে আপোনাৰো সন্তানে স্মাৰ্ট ফোন অথবা অনলাইন গেমত বেছিকৈ আসক্ত নেকি? তেন্তে সাৱধান হওক। সন্তানে কি কৰিছে কি নাই কৰা তাৰ খবৰ ৰাখক।