Advertisment

প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহাৱা হোৱা এমাহেই হ'বৰ হ'ল। বিগত দিনকেইটাত আপোন মানুহজনক চিৰদিনৰ বাবে হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

 প্ৰতি শুকুৰবাৰে জুবিনৰ সমাধিলৈ কিয় যায় গৰিমা? Photograph: (DY365)
প্ৰতি শুকুৰবাৰে জুবিনৰ সমাধিলৈ কিয় যায় গৰিমা? Photograph: (DY365)

প্ৰতি শুকুৰবাৰে জুবিনৰ সমাধিলৈ কিয় যায় গৰিমা?

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহাৱা হোৱা এমাহেই হ'বৰ হ'ল। বিগত দিনকেইটাত আপোন মানুহজনক চিৰদিনৰ বাবে হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

Advertisment

জুবিন নোহোৱা হোৱাৰ দিনৰে পৰা প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ। অইন দিনাৰ দৰে ১৭অক্টোবৰ, ২০২৫ৰ নিশাও অৰ্থাৎ শুকুৰবাৰে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হৈ উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সমাধিত চাকি-বন্তি জ্বলাই প্ৰিয়জনক জনালে সেৱা। 

Also Read: আজি কাতি বিহু

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উচুপি উঠি গৰিমা শইকীয়া গাৰ্গে ক'লে- 'শুকুৰবাৰে যিহেতু ঘটনাটো ঘটিছিল সেয়ে মই শুকুৰবাৰে ইয়ালৈ আহো। তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে। তেওঁ মোৰ কথা শুনিব। যেতিয়াই মোৰ কিবা কবলগীয়া থাকে, তেওঁৰ লগত কিবা আলোচনা কৰিবলগীয়া থাকে মই সদায় আহিম। কাৰণ মোকটো সদায় তেৱেঁই আগবঢ়াই নিব লাগিব। মোৰ প্ৰতিটো কথাৰ বাবে তেওঁৰ ওচৰলৈ আহিব লাগিব। মই আহি থাকিম, তেওঁৰ লগত মোৰ বহুত কথা আছে। ইয়াতে আহি কম, তেওঁ শুনিব, মই জানো তেওঁ সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। সদায় যাতে সকলোৱে তেওঁৰ প্ৰতি প্ৰাৰ্থনা ৰাখে, মোৰ প্ৰতি আশীৰ্বাদ ৰাখে। তেওঁৰ সপোনৰ বৰ অসমখন আমি যাতে গঢ়িব পাৰো। আমি সকলোৱে একেলগে কাম কৰিম যাতে তেওঁ দেখা সপোনবোৰ আমি পূৰণ কৰিব পাৰো। মই ৰাইজৰ পৰা সদায় সহায় আৰু সহযোগিতা বিচাৰো'।  

Also Read: জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ

এতিয়াও প্ৰিয় শিল্পী জুবিন গাৰ্গ নোহোৱা বাতৰি মানি ল’বলৈ টান পাইছে অসমীয়াই। চাৰিওফালে এতিয়াও গুঞ্জৰিত মায়াৱিনী ৰাতিৰ গান। বিদ্যালয়তো কণকণ শিশুহঁতে গাইছে মায়াৱিনী ৰাতিৰ গান। বাটে-ঘাটে কেৱল এতিয়া জুবিন আৰু জুবিনৰ গান। দুজন মানুহ লগ হ’লেই জুবিনৰ কথা পাতে- ক’ত যে হেৰাল মৰমৰ মুকুতাটো...। মৰমৰ শিল্পীজনৰ অকণমান সান্নিধ্য বিচাৰি এতিয়া সোণাপুৰলৈ মানুহৰ সোত। নিজ নিজ ধৰ্ম মতে কৰিছে প্ৰাৰ্থনা। মন পাতলাবলৈ চিঞৰি চিঞৰি গাইছে মায়াৱিনী ৰাতিৰ গান।

Also Read: জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী