Advertisment

জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী

'জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা, সঁচাই তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে'। 'জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ অসমৰ বাবে অপুৰণীয় ক্ষতি'। গৰিমা শইকীয়া গাৰ্গক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীৰ এই মন্তব্য।

 জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী

গুৱাহাটী, ১৭ অক্টোবৰঃ- জুবিন গাৰ্গৰ সমাধিস্থলী পৰিদৰ্শন কৰিলে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাহুল গান্ধীয়ে ৰোপন কৰিলে নাহৰৰ পুলি। লগে লগে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰলৈ গ'ল কংগ্ৰেছ সাংসদগৰাকী। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন গাৰ্গৰ ভগ্নীকো সাক্ষাৎ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীয়ে সম্বোধন কৰিলে সংবাদমেল। সংবাদমাধ্যমৰ আগত ৰাহুল গান্ধীয়ে ক'লে...

Advertisment

also read: শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান

'মই সোতৰ বছৰ বয়সতে পৰ্বতাৰোহণ কৰিছিলো। ইয়াৰ পিছত মই যেতিয়াই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে গৈছিলো তেতিয়াই মই কাঞ্চনজংঘা চাইছিলো। জুবিন গাৰ্গে কৈছিল যে তেওঁ কাঞ্চনজংঘা আছিল। তেওঁ কাঞ্চনজংঘা হয়, কাৰণ তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে'। 

জুবিন গাৰ্গক কাঞ্চনজংঘাৰ সৈতে তুলনা কৰি ৰাহুল গান্ধীয়ে লগতে ক'লে...

'মই আজি জুবিন গাৰ্গৰ ঘৰলৈ আহিলো। তেওঁ প্ৰকৃতাৰ্থতেই সফল, মানৱদৰদী, অসমবাসী জুবিনৰ বাবে নিশ্চিতভাৱে গৌৰৱী। মই জুবিন গাৰ্গৰ দেউতাকৰ সৈতে কথা পাতিলো। এইজন পিতৃৰ জ্ঞান আৰু সমৰ্থনৰ বাবেই জুবিন গাৰ্গ অসমৰ দৰে এখন ধুনীয়া ৰাজ্যৰ কন্ঠ হ’ল। জুবিন গাৰ্গে যি কৰিলে সেয়া কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে'। 

also read: ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয়

ইয়াৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুত দুখ প্ৰকাশ কৰি জুবিনৰ ন্যায়ৰ দাবী কৰি ৰাহুল গান্ধীয়ে ক'লে যে- 

'আজি এইদিনটোত ইয়ালৈ আহি মই অত্যন্ত দুখিত। জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ অসমৰ বাবে অপুৰণীয় ক্ষতি। জুবিন গাৰ্গৰ পৰিয়ালে প্ৰকৃত কাৰণটো জানিব বিচাৰিছে। অসমবাসীয়েও জানিব বিচাৰিছে প্ৰকৃত ৰহস্য। ঘটনাৰ উচিত আৰু তাৎক্ষণিক তদন্ত কৰাতো ৰাজ্য চৰকাৰৰ কৰ্তব্য। মই আৰু কংগ্ৰেছ দল সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছো। আমি যদি জুবিন গাৰ্গৰ হৈ কিবা কৰিব পাৰো নিশ্চিতভাৱে বহুত সুখী হ’ম'। 

হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থল আৰু ঘৰলৈ গৈ ৰাহুল গান্ধীয়ে এনেদৰে ন্যায়ৰ দাবী কৰি জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে ৰাহুল গান্ধী আৰু কংগ্ৰেছ আছে বুলিও আশ্বাস দিলে কংগ্ৰেছ নেতাগৰাকীয়ে।