Advertisment

শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান

প্ৰকাশ পালে ২০২৫ৰ শক্তিশালী পাছপ’ৰ্টৰ তালিকা। শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান। ৮০নং স্থানৰ পৰা ভাৰতৰ স্থান হ'লগৈ ৮৫। কিন্তু প্ৰশ্ন হৈছে ভিছা অবিহনে কিমানখন দেশ পাছপ’ৰ্টৰ দ্বাৰা ভ্ৰমণ কৰিব পাৰিব ভাৰতীয় নগৰিকে?

 Filephoto
Filephoto

শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান

প্ৰকাশ পালে ২০২৫ৰ শক্তিশালী পাছপ’ৰ্টৰ তালিকা। শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান। ৮০নং স্থানৰ পৰা ভাৰতৰ স্থান হ'লগৈ ৮৫। 

Advertisment

অৱনমিত হ’ল ভাৰতৰ স্থান। হেনলী পাছপ’ৰ্ট ইনডেস্কে প্ৰকাশ কৰিলে ২০২৫ৰ শক্তিশালী পাছপ’ৰ্টৰ তালিকা। হেনলী পাছপ’ৰ্ট ইনডেস্কে প্ৰকাশ কৰা শক্তিশালী পাছপ’ৰ্টৰ তালিকাত প্ৰথম স্থানত ছিংগাপুৰ। ছিংগাপুৰৰ পাছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে জাপান। কিন্তু প্ৰশ্ন হৈছে ভিছা অবিহনে কিমানখন দেশ পাছপ’ৰ্টৰ দ্বাৰা ভ্ৰমণ কৰিব পাৰিব ভাৰতীয় নগৰিকে?

ভিছা অবিহনে পাছপ’ৰ্টৰ দ্বাৰা ৫৭খন দেশলৈ যাত্ৰা কৰিব পাৰিব ভাৰতীয় নাগৰিকে। ইয়াৰ পূৰ্বে ৫৯খন দেশলৈ ভিছা অবিহনে পাছপ’ৰ্টৰ দ্বাৰা যাব পাৰিছিল ভাৰতীয় নাগৰিকে। ভাৰতৰ স্থান শক্তিশালী  পাছপ’ৰ্টৰ তালিকাত অৱনমিত হোৱাৰ লগতে বাংলাদেশ ১০০নং স্থানত থকাৰ লগতে ১০৩নং স্থানত আছে পাকিস্তান। 
ভিছা অবিহনে পাছপ’ৰ্টৰ দ্বাৰা ভাৰতীয় নাগৰিকে ভ্ৰমণ কৰিব পৰা দেশবোৰ হ'ল- এংগোলা, বাৰ্বাডোজ, ভূটান, বোলিভিয়া, কম্বোডিয়া, ইণ্ডোনেছিয়া, ইৰান, জামাইকা, জৰ্ডান, কাজাখাস্থান, মাডাগাস্কাৰ, মালদ্বীপ, নামিবিয়া, ফিলিপাইন্স, কাটাৰ, থাইলেণ্ড, শ্ৰীলংকা, ম্যানমাৰ, ম’ৰিছাছ, ইথ’পিয়া, ফিজি, লাউছ, নেপাল, মালয়েছিয়া ইত্যাদি। 

উল্লেখ্য যে জাৰ্মানী, ইটালী, স্পেইন, ছুইজাৰলেণ্ডৰ দৰে ইউৰোপীয় দেশসমূহ শীৰ্ষ ১০ৰ ভিতৰত আছে। আনহাতে আমেৰিকাই প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০ৰ পৰা অৱনমিত হৈছে। ২০২৫ৰ শক্তিশালী পাছপ’ৰ্টৰ তালিকাত শীৰ্ষ ১০ৰ পৰা অৱনমিত হৈ আমেৰিকাৰ স্থান হৈছে ১২। 

হেনলী পাছপ’ৰ্ট ইনডেক্স হৈছে দেশৰ নাগৰিকে পাছপ’ৰ্ট ব্যৱহাৰ কৰি কিমানখন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰে তাৰ এক বিশ্বব্যাপী ৰেংকিং। ২০০৫ চনত ‘হেনলি এণ্ড পাৰ্টনাৰ্ছ ভিছা ৰেষ্ট্ৰিকচন ইনডেক্স’ নামেৰে আৰম্ভ হোৱা এই সূচকাংক ২০১৮ চনত ‘হেনলী পাছপ’ৰ্ট ইনডেক্স’ নামেৰে নামাকৰণ কৰা হয়।