Advertisment

মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে

'মায়াবিনী' গাই কান্দি কান্দি বিদায় দিলে অজস্ৰজনৰ লগতে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে।মহানায়কজনৰ মহাপ্ৰস্থানৰ সময়ত এটা ৰোমাণ্টিক গান একেস্বৰে গাইছিল লাখ লাখ লোকে প্ৰাৰ্থনাৰ সুৰত।

'মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে অজস্ৰজনৰ লগতে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে। লাখ লাখ গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল অসমৰ 'জনকণ্ঠ' জুবিন গাৰ্গ। মহানায়কজনৰ মহাপ্ৰস্থানৰ সময়ত এটা ৰোমাণ্টিক গান একেস্বৰে গাইছিল লাখ লাখ লোকে প্ৰাৰ্থনাৰ সুৰত। কাৰণ অসমীয়াৰ আৱেগ জুবিন গাৰ্গে বিচাৰিছিল, তেওঁৰ মৃত্যুৰ সময়ত বাজিব 'মায়াবিনী' গানটো। মায়াবিনীত জুবিনে গোৱাৰ দৰে এতিয়াৰে পৰা প্ৰতি শৰতত প্ৰভাতী ফুলে জুবিনৰ কথাকেই ক’ব। নিজানৰ গানো শেষ হ’ব জুবিনৰ নামত। পত্নী গৰিমা শইকীয়া গাৰ্গেও জুবিনৰ শেষ ইচ্ছাক শ্ৰদ্ধা জনাই জ্বলি থকা চিতাৰ সমুখতে গালে 'মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি'।
Advertisment
মানৱ দৰদী জুবিন কেৱল এজন শিল্পীয়ে নাছিল। জুবিনেই দিছিল নিজেই নিজৰেই সংজ্ঞা। ভগৱান আৰু ধৰ্মক বিশ্বাস নকৰা জুবিন গাৰ্গে নিজক সংজ্ঞা দি কৈছিল
'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা'
এখন মঞ্চৰ পৰা সাহসেৰে এনেদৰে ক’ব পৰা শিল্পী হয়তো আন দ্বিতীয়জন নোলাব। জাতি, ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিষেকে সকলোকো এক কৰিব বিচাৰিছিল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গৰ চিৰনিদ্ৰাৰ সময়ত কাহানিও নেদেখা সেই দৃশ্য পৰিলক্ষিত হৈছিল অসমত। সকলো ধৰ্ম, সকলো জাতিয়ে এক লগ হৈ আহিছিল জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবলৈ। জুবিন গাৰ্গে চিৰনিদ্ৰাত থাকিও দেখিছিল তেওঁক হিন্দু,মুছলমান,খ্ৰীষ্টিয়ান আহা নাই,আহিছে কেৱল মানুহ আৰু মানুহ।
শেষ উপহাৰ হিচাপে মায়াবিনীৰ সুৰ আৰু হাজাৰজনৰ চকুপানী লৈ কায়িকভাৱে বিদায় ল'লে প্ৰাণৰ জুবিনে।  
Advertisment
Advertisment