Advertisment

ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয়

বিয়াৰ পাছত স্বামীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ। 

 Filephoto
Filephoto

ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয়

বিয়াৰ পাছত স্বামীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। গতিকে বিয়াৰ পাছত স্বামীক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে সন্তানৰ কথা চিন্তা কৰক পত্নীয়ে। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ। 

Advertisment

বিবাহ বিচ্ছেদৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এহাল পতি-পত্নী। ২০১৮ চনতে বিবাহপাশত হোৱা দম্পতীৰ আছে দুই সন্তানো। স্বামী-স্ত্ৰী দুয়োজনেই হৈছে চৰকাৰী কৰ্মচাৰী। স্বামীয়ে দিল্লীৰ ইণ্ডিয়ান ৰেলৱেত কাম কৰাৰ বিপৰীতে পত্নীয়ে কাম কৰে পাটনাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত। বিবাহৰ কেইবছৰমানৰ পাছত দম্পতীহালৰ মাজত বিচ্ছেদ ঘটিবলৈ ধৰে আৰু ২০২৩ চনত পত্নীয়ে স্বামীৰ ঘৰ এৰি পাটনাত নিজৰ পিতৃ-মাতৃৰ সৈতে থাকিবলৈ লয়। স্বামীৰ অভিযোগ অনুসৰি পত্নীয়ে তেওক শহুৰৰ ঘৰত ঘৰজোঁৱাই হিচাপে থকাটো বিচাৰে, যিটো তেওঁৰ বাবে সম্ভৱ নহয় বা গ্ৰহণযোগ্য নহয়। আৰু এই কথাৰ তেওঁ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। 

গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে দম্পতীহালক কেইবাটাও পৰামৰ্শ দিছে। আদালতে কয় যে আদালতৰ লক্ষ্য সংঘাত বৃদ্ধি কৰা নহয় বৰঞ্চ সম্পৰ্ক গঢ়ি তোলা। আদালতে দম্পতীহালক এই কথা মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে যে তেওঁলোকৰ ই'গৱে তেওঁলোকৰ ল’ৰা-ছোৱালী দুটাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। কাৰণ স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। গতিকে পিতৃ-মাতৃ দুয়োজনে নিজৰ ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিব লাগে।

Advertisment
Advertisment