"দৰমহাৰ টকাৰে পেট নভৰা ACS নূপুৰ বৰাৰ বিলাসিতা! চাকৰিৰ ৬বছৰতে ACS নূপুৰে কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ? গ্ৰেপ্তাৰৰ পিছতেই ACS নূপুৰ বৰাক ওৰেনিশা জেৰা চলোৱা হয়। গুৱাহাটীৰ পাণবজাৰ থানাত নিশাটো জেৰাৰ সন্মুখীন হৈছে নূপুৰ বৰা। আয় বহিৰ্ভূত সম্পত্তিৰ উত্স বিচাৰি ACS নূপুৰ বৰাক CM ভিজিলেন্সৰ মাৰাথান জেৰা। মাৰাথান জেৰাৰ অন্তত পাণবজাৰ থানাৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী শাখা লৈ অনা হয় নূপুৰ বৰাক। এতিয়া মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ শীৰ্ষ বিষয়াই জেৰা চলাব নূপুৰ বৰাক। লাটমণ্ডল সুৰজিত্ ডেকাকো নিৰন্তৰ জেৰা তদন্তকাৰীৰ। অভিযুক্ত সুৰজিতকো অনা হৈছে মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ। Advertisment সন্দেহজনক লোকক মাটি পট্টাৰ নামত নূপুৰ বৰাই লাখে-লাখে ধন সংগ্ৰহ কৰাৰ অভিযোগ। সোমবাৰে CM ভিজিলেন্সৰ অভিযানত নূপুৰৰ ঘৰত উদ্ধাৰ হৈছিল কোটি ঘৰত ধন, নগদ টকাৰ বান্দিল, উদ্ধাৰ হৈছিল আ-অলংকাৰকে ধৰি বহু মূল্যবান সম্পত্তিও। মঙলবাৰে বিয়লিলৈ দুয়োকে হাজিৰ কৰোৱা হ"ব আদালতত। কেইবাটাও স্থানত আজিও অভিযান চলাব CM ভিজিলেন্সে। পুৱাৰে পৰা নূপুৰ বৰা আৰু সুৰজিত্ ডেকাক ভাগে-ভাগে জেৰা চলোৱা হৈছে। দুয়োৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত CMVএ হাজিৰ কৰোৱাব আদালতত। তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু দামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯ টা একাউন্ট জব্দ কৰা হৈছে। বৰপেটাত দুটাকৈ লকাৰ থকা তথ্য লাভৰ লগতে বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত মাটি আছে নূপুৰৰ। গুৱাহাটীৰ জালুকবাৰীত দুটাকৈ ফ্লেট আৰু গোটানগৰত এটা ফ্লেট আছে নূপুৰৰ। বৰপেটা সত্ৰৰ বহু ভূমি সন্দেহজনক লোকক নামজাৰী কৰি দিছিল বুলি অভিযোগ উত্থাপন হৈছে নূপুৰৰ বিৰুদ্ধে। নূপুৰ কাণ্ডত বহু লোকক তদন্তৰ আওতালৈ আনিব CMVয়ে। লাট মণ্ডল সুৰজিত্ ডেকাই নতুনকৈ এটা তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিছিল বুলি জানিব পৰা গৈছ। সুৰজিতৰ পৰা লাখটকীয়া এখন থাৰ বাহনো জব্দ কৰা হৈছে। কিন্তু সুৰজিতৰ পৰা কোনোধৰণৰ পৰা নগদ ধন লাভ কৰা নাই তদাৰকী কোষে। উল্লেখ্য যে কৰি জীৱনৰ আজিৰ দিনটোলৈ নূপুৰ বৰাৰ মুঠ দৰমহা ৪৫ লাখ টকা। সোমবাৰৰ পুৱাৰে পৰা ACS বিষয়া নূপুৰ বৰাৰ বাসগৃহত অভিযান চলাইছিল CM ভিজিলেন্সে। আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান চলাইছিলে CM ভিজিলেন্সে। গুৱাহাটীৰ গোটানগৰৰ ছাইন শান্তি গ্ৰীন" এপাৰ্টমেণ্টৰ পঞ্চম মহলাত থকা ফ্লেটত অভিযান চলাই জব্দ কৰিছিল কেইবালাখ টকাৰ নগদ ধন। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপনৰ পাছতেই এই অভিযান। ২০১৯ চনত চাকৰিত যোগদান কৰা নূপুৰ বৰাই গঢ়িছিল কোটি টকাৰ সম্পত্তিৰ পাহাৰ। নূপুৰ বৰাৰ পৰা বৃহত্ পৰিমাণৰ নগদ ধন জব্দ কৰিছে তদন্তকাৰী দলে। কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থাকোতেও দুৰ্নীতিৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে। ৪টাকৈ স্থানত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ পিছত গৰৈমাৰীৰ চক্ৰ বিষয়া নুপূৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে। বন্ধুৰ সৈতে অৰুণাচললৈ অৱসৰ বিনোদনলৈ গৈছিল বিষয়াগৰাকী আৰু সোমবাৰে পুৱা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই CM ভিজিলেন্সে অভিযান চলাই নুপূৰ বৰাৰ বাসগৃহত। গুৱাহাটীৰ গোটানগৰৰ ফ্লেটৰ লগতে বৰপেটাৰ ভাড়াঘৰতো অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই। জেৰাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়লৈ নিয়া হৈছে নুপূৰ বৰাক। চিএম ভিজিলেন্সৰ ২৫/২০২৫নং গোচৰৰ ভিত্তিত নুপূৰ বৰাৰ বিৰুদ্ধে অভিযান। হিন্দু লোকৰ ভূমি সন্দেহজনক লোকক বিক্ৰী কৰাৰ অভিযোগ নুপূৰ বৰাৰ। পূৰ্বৰে পৰা নুপূৰ বৰাৰ এই কাণ্ডক লৈ অনুসন্ধান চলাই থকা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নুপূৰ বৰাৰ দুৰ্নীতিৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে এতিয়া উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন। ঘোচখোৰ নূপুৰৰ পৰা উদ্ধাৰ হৈছে ৯২ লাখ ৫০ হাজাৰ ৪০০ টকা । কম দিনৰ ভিতৰতে ক"ৰ পৰা নূপুৰে আহৰণ কৰিলে ইমান ধন? বিভিন্ন কামৰ নামত নূপুৰে বহুতৰ পৰা ধন লোৱাৰ অভিযোগ। মাটিৰ কি কি কামত কিমান ৰেট আছিল ACS নূপুৰৰ? উত্তৰাধিকাৰীৰ নামজাৰিৰ বাবে ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকা চিঠাৰ নামজাৰিৰ বাবে ৩০ হাজাৰৰ পৰা ৪০ হাজাৰ টকা ভূমি ম্যাদীকৰণৰ বাবে ২০ হাজাৰৰ পৰা ২৫ হাজাৰ টকা নাম কৰ্তন অথবা বাহালৰ বাবে ডেৰ লাখৰ পৰা ২ লাখ টকা মাটিৰ কালি সংশোধনীৰ বাবে ৭০ হাজাৰৰ পৰা ১ লাখ টকা ভূমি ভাগ বাটোৱাৰাৰ বাবে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকা অট"মিউটেচনৰ বাবে লৈছিল ৭ হাজাৰৰ পৰা ১৫ হাজাৰ টকা নাম শুধৰণিৰ বাবে ২০ হাজাৰৰ পৰা ৩০ হাজাৰ টকা লেণ্ড হল্ডিঙৰ বাবে নূপুৰে লৈছিল ১,৫০০ৰ পৰা ২ হাজাৰ টকা "