Advertisment

বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ

বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী।

 বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ

২৫ বছৰ ৩ মাহ ২০ দিনতে বিধায়ক হ'ল মৈথিলী ঠাকুৰ

গুৱাহাটী, ১৪ নৱেম্বৰঃ বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী ঠাকুৰ। গীত গাই ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে মৈথিলী ঠাকুৰে। 

Advertisment

ALSO READ: বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন...

সমাজ সেৱা কৰিবলৈ কোনো বিশেষ অভিজ্ঞতাৰ প্ৰয়োজন নাথাকে। নালাগে ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিব। কেৱল লাগে মাথো এটা মন, এটা সপোন আৰু জনতাক দিব পৰা বিশ্বাস। সেই বিশ্বাসৰ বলতে বিহাৰ বিধানসভা নিৰ্বাচনত জয়ী হ'ল এগৰাকী কণ্ঠশিল্পী। বৰ্তমান দেশজুৰি চৰ্চাত মৈথিলী ঠাকুৰ। অৱশ্যে মৈথিলীৰ বাবে এই যুঁজ সহজ নাছিল। এটা সাহসী মনেৰে ওলাই আহি মৈথিলীয়ে দেখুৱাই দিলে দৃঢ়তাৰ পৰিচয়। দৃঢ় আৰু প্ৰতিজ্ঞাবদ্ধ হ'লে যে সকলো সম্ভৱ তাৰ উদাহৰণ আজি মৈথিলী ঠাকুৰ। 

মৈথিলী ঠাকুৰৰ জন্ম হৈছিল ২০০০ চনৰ ২৫ জুলাইত। আৰ্তজনক সেৱা কৰা মানসেৰে আগুৱাই অহা মৈথিলী ঠাকুৰ কথনশৈলীৰেও পৈণত। এগৰাকী পৰিপক্ক সু-চিন্তক, ভৱ্যিষৎ দৰ্শনেৰে বাট দেখুৱাব পৰা বিহাৰৰ জীয়ৰী। সেয়ে জয়ী হৈ মৈথিলীয়ে কৈছে, - 'মই জয়ী হোৱা নাই, মোক বিশ্বাস কৰা জনতাৰ জয় হৈছে, আলিনগৰ জনতাৰ জয় হৈছে'। লগতে মৈথিলীয়ে কৈছে যে বিজেপিয়ে জনতাৰ মাজত সোমাই, জনতাৰ কল্যাণৰ বাবে কাম কৰিছে। সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰিছে বিহাৰৰ কনিষ্ঠতম নৱনিৰ্বাচিত বিধায়িকাগৰাকীয়ে। 

ALSO READ: গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

বিহাৰৰ আলিনগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মৈথিলী ঠাকুৰ। লোকগীতৰ বাবে পৰিচিত গায়িকা তথা বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে আলিনগৰ বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বহু কেইগৰাকী প্ৰাৰ্থী। মুঠ ১২গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা হাজাৰ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হয় মৈথিলী। RJDৰ বিনোদ মিশ্ৰা, আম আদমি পাৰ্টীৰ ৰাজিপাল ঝা, JSPৰ বিপ্লৱ কুমাৰ চৌধুৰীক পৰাস্ত কৰি আলিনগৰ সমষ্টিত জয়লাভ কৰে মৈথিলী ঠাকুৰে। 

Advertisment
Advertisment