Advertisment

কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

কাছাৰৰ কালাইন বজাৰত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়া নাগৰিকক আটক। কালাইন বজাৰৰ পৰা স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে অবৈধ বিদেশী নাগৰিককেইটাক।

 কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক Photograph: (DY365)
কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক Photograph: (DY365)

কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

অবৈধ ৰোহিংগীয়া নাগৰিকৰে ভৰিছে বৰাক উপত্যকা। কাছাৰৰ কালাইনত পুনৰ আটক ৰোহিংগীয়া নাগৰিক। শিশু, মহিলাসহ ১৮ ৰোহিংগীয়া নাগৰিকক আটক।

Advertisment

কাছাৰৰ কালাইন বজাৰত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়া নাগৰিকক আটক। কালাইন বজাৰৰ পৰা স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে অবৈধ বিদেশী নাগৰিককেইটাক। কালাইন বজাৰত ৰোহিংগীয়া নাগৰিকৰ এটা দল ঘূৰিফুৰি থাকোঁতে স্থানীয় ৰাইজৰ সন্দেহ হয় আৰু আটাইকেইজনক আটক কৰি সোধা-পোছা কৰাত পোহৰলৈ আহে প্ৰকৃত ৰহস্য। সোধা-পোছাৰ অন্তত ৰোহিংগীয়া কেইটাই উল্লেখ কৰে যে, কেইবা বছৰ পূৰ্বে বাংলাদেশৰ ৰোহিংগীয়া আশ্ৰয় শিবিৰৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। আৰু ১২ বছৰৰ পৰা কৰ্মসূত্ৰে হায়দৰাবাদত বসবাস কৰি আছিল। দীৰ্ঘদিনে হায়দৰাবাদত শ্ৰমিক হিচাপে আছিল ৰোহিংগীয়া নাগৰিকৰ দলটো। শেহতীয়াকৈ ভাৰত চৰকাৰৰ অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে চলা অভিযানৰ ভয়ত হায়দৰাবাদৰ পৰা পলাই আহে বুলি উল্লেখ কৰে।

Also Read: গুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজন

হায়দৰাবাদৰ পৰা ৰোহিংগীয়া নাগৰিকৰ দলটো ৰে'লেৰে বদৰপুৰলৈ আহে আৰু বদৰপুৰৰ পৰা আহি কালাইনত উপস্থিত হয়। স্থানীয় দালালৰ সহযোগত কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তই দি পুনৰ বাংলাদেশলৈ ওভতি যোৱাৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰে ধৃত ৰোহিংগীয়া নাগৰিকৰ দলটোৱে। 

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত স্থানীয় ৰাইজে আটক কৰি ৰখা ৰোহিংগীয়া নাগৰিকৰ দলটোক আৰক্ষীৰ হাতত গতাই দিয়ে। 

also read: প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

উল্লেখ্য যে, যোৱা কেইবাটা মাহত ভাৰতৰ পৰা বাংলাদেশলৈ ওভতাৰ পথত কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বহু অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। এটা দালাল চক্ৰই অবৈধ বিদেশী নাগৰিকসকলক সীমান্ত পাৰ কৰাই দিয়াৰ বাবে কাম কৰি থকাৰ অভিযোগ।