Advertisment

হেলমেট নিপিন্ধাৰ বাবেই ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত হৈছে এক অদ্ভুদ ঘটনা। বাহনৰ নথি-পত্ৰ নথকা বাবে আৰু হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে অনমোল সিং নামৰ এজন ব্যক্তিক বিহিলে ২০ লাখ টকাৰ জৰিমনা। কিন্তু কিহৰ বাবে ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে? 

 Filephoto

উল্লেখ্য যে ৪ নৱেম্বৰত নিউ মাণ্ডী থানা এলেকাৰ গান্ধী কলনী আৰক্ষী চকীত এজন ব্যক্তিক স্কুটিৰ বাবে চালান জাৰি কৰা হৈছিল। কাৰণ ব্যক্তিজনে হেলমেট পৰিধান কৰা নাছিল। লগতে ব্যক্তিজনৰ নাছিল ড্ৰাইভিং লাইচেন্স, নাছিল বাহনৰ নথি-পত্ৰও। কিন্তু যেতিয়া চালান কপিটো দেখা গ’ল, তাৰ পাছত সকলোৱে ব্যক্তিজনে খালে। কেৱল ব্যক্তিজনেই নহয়, চালান কপিটো দেখা সকলোৱে হতভম্ব হৈ পৰে।  কাৰণ এই চালানৰ পৰিমাণ আছিল ২০ লাখ ৭৪ হাজাৰ টকা। 

এই চালান কপিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে মানুহে প্ৰশ্ন উত্থাপন কৰিলে। এজন ব্যৱহাৰকাৰীয়ে সুধিলে, "স্কুটাৰ চলাবলৈ এতিয়া কোটিপতি হ'ব লাগিব নেকি?"  আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "বিলাসী গাড়ী এখনকো ইমান জৰিমনা নিবিহে।"  বিষয়টো ছ’চিয়েল মিডিয়াত তীব্ৰতৰ হোৱা দেখি যান-বাহন বিভাগে তদন্ত আৰম্ভ কৰে। তদন্তৰ পাছত গম পোৱা গল যে আৰক্ষীৰ ভুলটো ইচ্ছাকৃতভাৱে নহয়। আৰু পৰৱৰ্তী সময়ত চালানৰ পৰিমাণ ৪ হাজাৰলৈ হ্ৰাস কৰা হয়, যাৰ ফলত বাহনৰ মালিকে সকাহ লাভ কৰে।

আৰক্ষীয়ে ভুল স্বীকাৰ কৰি বুজাই দিলে যে ই এটা "টাইপিং ভুল"।  স্কুটীখন জৰিমনা বিহাৰ সময়ত এমভি আইনৰ ২০৭ ধাৰা প্ৰয়োগ কৰা হৈছিল। কিন্তু জৰিমনা জাৰি কৰা উপ-পৰিদৰ্শকে ২০৭ এমভি পূৰণ কৰিবলৈ পাহৰি যায়, যিটো নূন্যতম জৰিমনা হ’লহেঁতেন। ফলস্বৰূপে ২০৭ নম্বৰটো জৰিমনাত যোগ কৰা হয়, যাৰ ফলত জৰিমনা ২০,৭৪,০০০ টকালৈ বৃদ্ধি হয়।

Advertisment
Advertisment