Advertisment

অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক

আনন্দ মিশ্ৰ, ৰিয়েল লাইফৰ সিংঘম ! কিছুদিন পূৰ্বলৈকে অসমত দপদপাই থকা, জনপ্ৰিয়তাৰ শীৰ্ষত থকা আনন্দ মিশ্ৰ এতিয়া হ'ল বিধায়ক। আনন্দ মিশ্ৰ এতিয়া বিহাৰৰ জনপ্ৰতিনিধি। IPSৰ চাকৰি এৰি ৰাজনীতিৰ পথাৰত ভৰি দিয়া আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন অৱশেষত পূৰ হ'ল।

 filephoto
filephoto

অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক

আনন্দ মিশ্ৰ, ৰিয়েল লাইফৰ সিংঘম ! কিছুদিন পূৰ্বলৈকে অসমত দপদপাই থকা, জনপ্ৰিয়তাৰ শীৰ্ষত থকা আনন্দ মিশ্ৰ এতিয়া হ'ল বিধায়ক। আনন্দ মিশ্ৰ এতিয়া বিহাৰৰ জনপ্ৰতিনিধি। IPSৰ চাকৰি এৰি ৰাজনীতিৰ পথাৰত ভৰি দিয়া আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন অৱশেষত পূৰ হ'ল। 

Advertisment

অসমত আনন্দ মিশ্ৰ পৰিচিত আছিল এনকাউণ্টাৰ স্পেচিয়েলিষ্ট আৰু সিংঘম হিচাপে। অসমত থকা সময়ছোৱাত অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অপৰাধীক কঠোৰ হাতেৰে দমন কৰিছিল আনন্দ মিশ্ৰই। যাৰ বাবে অপৰাধীৰ বাবে মূৰৰ কামোৰণি আৰু অসমৰ ৰাইজৰ মনত হিৰো হৈ পৰিছিল আনন্দ মিশ্ৰ। 

২০২৪ চনৰ জানুৱাৰী মাহত লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল IPS বিষয়া আনন্দ মিশ্ৰই। চাকৰিৰ পৰা অব্যাহতি লৈ সক্ৰিয় ৰাজনীতিত নামি পৰিছিল প্ৰশাসনিক বিষয়াগৰাকীয়ে। সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিয়েই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্ধন্দিতা কৰিছিল আনন্দ মিশ্ৰই। প্ৰথম অৱস্থাত বক্সাৰ লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ পৰা টিকট বিচাৰিছিল মিশ্ৰই। কিন্তু বিজেপিয়ে টিকট বঞ্চিত কৰিছিল মিশ্ৰক। বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতো কিন্তু থমকি ৰোৱা নীছিল আনন্দ মিশ্ৰ। ২০২৪ৰ লোকসভা নিৰ্বাচনত আনন্দ মিশ্ৰই বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল আনন্দ মিশ্ৰই। কিন্তু সক্ৰিয় ৰাজনীতিৰ প্ৰথম খোজটোতেই মুখঠেকেচা খাইছিল মিশ্ৰই। বক্সাৰ সমষ্টিৰ ৰাইজে প্ৰত্যাখান কৰিছিল আনন্দ মিশ্ৰক। নিৰ্বাচনক মুখঠেকেচা খোৱাৰ পাছত ২০২৪ৰ ​​ডিচেম্বৰত জনসুৰাজ পাৰ্টিত যোগদান কৰিছিল মিশ্ৰই। কিন্তু জনসুৰাজ পাৰ্টিৰ পৰা ২০২৫ৰ আগষ্ট মাহত পদত্যাগ কৰি পুনৰ বিজেপিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে বক্সাৰ বিধানসভা সমষ্টিৰ টিকট প্ৰদান কৰিছিল আনন্দ মিশ্ৰক। আৰু অৱশেষত বিধায়ক হোৱাৰ সপোন পূৰণ হ'ল IPS বিষয়াগৰাকীৰ। কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰি বক্সাৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হ'ল মিশ্ৰ। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক ২৮,৩৫৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হ'ল আনন্দ মিশ্ৰ।

Advertisment
Advertisment