Advertisment

ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা

'অসম বিদেশীমুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। CAA, NRCক লৈ পুনৰ সৰৱ আছুৰ সভাপতি উৎপল শৰ্মা।

ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা

Advertisment

মঙলবাৰে ৰাজ্যৰ প্ৰতিখন জিলা‌ সদৰত অবৈধ বিদেশীৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সংন্থাই। উক্ত প্ৰতিবাদৰ লগতে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সৰৱ আছুৰ সভাপতি উৎপল শৰ্মা। অসম চুক্তি ৰূপায়ন, অবৈধ বিদেশী বিতাড়ন, মৌলবাদী উৎখাত কৰা, CAAৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ দাবীত ধাৰাবাহিক আন্দোলন হ'ব বুলি ঘোষণা উৎপল শৰ্মাৰ। 

শেহেতীয়াকে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা বিদেশী ৰেহাই নিৰ্দেশনা- ২০২৪ ৰ বিৰুদ্ধেও আন্দোলন হ'ব বুলি মন্তব্য আছুৰ সভাপতিগৰাকীৰ। বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি উৎপল শৰ্মাই কয় যে বিজেপিয়ে ৰাজ্যবাসীক ধাৰাবাহিকভাৱে প্ৰতাৰণা কৰি আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছাৰ সদাগৰ। ২০১৪ চনৰ ১৬ মে'ত বাংলাদেশী যাব লাগিব বুলি কৈছিল মোদীয়ে। কিন্তু ১০ বছৰ পাৰ হৈ গ'ল‌। পুনৰ আকৌ নৰেন্দ্ৰ মোদী অসমলৈ আহি বাংলাদেশীৰ বিৰুদ্ধে সংলাপ ক'বলৈ ধৰিছে। নাগৰিকত্ব সংশোধনী আইনখন যদি উত্তৰ-পূৱৰ আন আন অঞ্চল সমুহৰ কাৰণে বেয়া তেন্তে অসমৰ কাৰণে কেনেকৈ ভাল তাৰ উত্তৰ দিয়ক বুলিও বিজেপিক কঠোৰ প্ৰশ্ন উৎপল শৰ্মাৰ।

লগতে উৎপল শৰ্মাই কয় যে পশ্চিম বংগৰ নিৰ্বাচন আহিলে বিজেপিৰ অবৈধ হিন্দু বাংলাদেশীলৈ মনত পৰে বিজেপিৰ। কৰুণা ওপজে। প্ৰধানমন্ত্ৰী হোৱাৰ ১১ বছৰ পিছত নৰেন্দ্ৰ মোদীয়ে ক'বলৈ ধৰিছে জনগাঁথনিৰ পৰিৱৰ্তন হোৱাৰ কথা। কিন্তু এই কথা ৪০ বছৰ ধৰি অসমে কৈ আহিছে। ধৰ্মৰ নামত বিদেশীক ভাগ-ভাগ কৰি অসমৰ ৰাইজক ভাষিকভাৱে সংখ্যালঘু কৰা, ৰাজনৈতিকভাৱে সংখ্যালঘু কৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে। 

লগতে উৎপল শৰ্মাই হুংকাৰ প্ৰদান কৰি কয় যে অসমত বিদেশী বিতাড়ন অসম চুক্তিৰ আধাৰত হ'ব লাগিব। এই দাবীয়ে ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন কৰিব আছুৱে। ইয়াৰ লগতে SIR প্ৰসংগত ডাঙৰ মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ। SIR আমি অসম আন্দোলনৰ সময়ৰ পৰাই বিচাৰিছিলো। অসমত এতিয়াও ভোটাৰ তালিকা বিদেশীমুক্ত নহয়। অসম চৰকাৰে কি পদ্ধতিৰে অসমত SIR কৰিব বিচাৰিছে সেই পদ্ধতি ৰাজহুৱা কৰিব লাগে। যেতিয়া মঙলদৈ লোকসভা সমষ্টিৰ হীৰালাল পাটোৱাৰীৰ মৃত‍্যুৰ পাছত ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হৈছিল, তেতিয়াই অবাধ গতিত ভোটাৰৰ সংখ‍্যা বৃদ্ধি পোৱা দেখা গৈছিল। যিটো কথাই ঐতিহাসিক অসম আন্দোলনৰ কথা সূচনা কৰিছিল। অসমত এতিয়াও ভোটাৰ তালিকা বিদেশীমুক্ত নহয়। গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ এটা ৰায়দানত কৈছে যে অবৈধ বিদেশীয়ে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিছে আৰু তেওঁলোক কিং মেকাৰ হৈছে। উচ্চতম ন‍্যায়ালয়ে এটা গোচৰৰ ৰায়দানত কৈছে অবাধ বাংলাদেশী প্ৰব্ৰজনে অসমত আভ‍্যন্তৰীণ অশান্তিৰ সৃষ্টি কৰিছে। 

উৎপল শৰ্মাই লগতে উল্লেখ কৰে যে ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছে যে এখন শুদ্ধ NRC আৰু এখন শুদ্ধ ভোটাৰ তালিকা হ’ব লাগে। অসম চৰকাৰে কি পদ্ধতিৰে অসমত SIR কৰিব বিচাৰিছে সেই পদ্ধতি ৰাজহুৱা কৰিব লাগে। ভাৰতৰ অন‍্য ৰাজ‍্যতকৈ অসমৰ প্ৰেক্ষাপট সুকীয়া। বাকী ৰাজ‍্যৰ সমস‍্যা অসমৰ সৈতে নিমিলে। অসমত এটা ঐতিহাসিক আন্দোলন আছে, অসম চুক্তি আছে। ১৯৭১ চনৰ পিছত অহাসকলৰ নাম কৰ্তন হ’ব লাগে, অসম চুক্তি ৰূপায়ণ হ’ব লাগে।