"সলনি হ'ল ঠিকনা। নতুন কাৰাগাৰৰ আলহী শ্যামকানু, সিদ্ধাৰ্থ... সলনি হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতৰ ঠিকনা। আজিৰে পৰা নতুনকৈ নিৰ্মান কৰা বাক্সা জিলা কাৰাগাৰৰ আলহী শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। SITৰ জিম্মাৰ ম্যাদ ওকলাৰ পিছতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ আটাইকেইজনকে। Advertisment আজি CJM আদালতত হাজিৰ কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্য়ুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৫ অভিযুক্তক। CJM আদালতত হাজিৰ কৰাৰ পাছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সহিতে জুবিন গাৰ্গৰ মৃত্য়ুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ হৈছে। ইয়াৰ লগতে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য় যে নতুনকৈ নিৰ্মাণ কৰা হৈছে বাক্সা-চিৰাং জিলা কাৰাগাৰ। এতিয়ালৈ কোনো কয়দী-হাজেতী নাই কাৰাগাৰখনত। প্ৰায় ২০০০ কয়দী-হাজেতী থাকিব পৰাৰ ব্যৱস্থা থকা এই নতুন কাৰাগাৰখনেই হ'ব শ্যামকানু, সিদ্ধাৰ্থহতৰ নতুন ঠিকনা। আজিও শ্যামকানু, সিদ্ধাৰ্থৰ পক্ষত আদালতত থিয় নহ"ল কোনো অধিবক্তা। দুয়োৰে বাবে কোনো অধিবক্তাই দাখিল নকৰিলে জামিন আবেদন। উল্লেখ্য যে জীৱনৰ নিৰাপত্তাৰ অজুহাত দেখুৱাই কেন্দ্ৰীয় কাৰাগাৰলৈ নিনিবলৈ আদালতত ৫ অভিযুক্তই আবেদন কৰিছিল। ৫ অভিযুক্তৰ মতে কেন্দ্ৰীয় কাৰাগাৰত আলফা সদস্যসহ আন বহু কয়দী আছে। যাৰ বাবে কেন্দ্ৰীয় কাৰাগাৰত তেওলোকৰ জীৱনৰ প্ৰতি ভাবুকি আছে। গতিকে ৫ অভিযুক্তৰ আবেদনৰ পাছতে আটাইকেইজনকে নিৰাপদ কাৰাগাৰলৈ নিবলৈ চৰকাৰক নিৰ্দেশ দিছিল আদালতে। সেইবাবে আটাইকেইজন অভিযুক্তকে বাক্সাৰ কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লোৱা হয়। ইফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভগ্নী পাল্মী বৰঠাকুৰৰো সামাজিক মাধ্যমত পোষ্ট, "সেইদিনা Singaporeত কি হৈছিল সেই সত্য আমি জানিবই লাগিব"। I promise...you will get justice বুলি পাল্মী বৰঠাকুৰৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত এতিয়া সৰ্বত্ৰ #JusticeForZubeenGarg চৰ্চা। জুবিন গাৰ্গক ন্যায় দিয়ক। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। ছ"চিয়েল মিডিয়াত প্ৰতিগৰাকীয়ে লোকে উত্থাপন কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। প্ৰতিগৰাকীয়ে লোকে ছ"চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #JusticeForZubeenGarg দাবী।"