Assameseৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইনৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। বৰপেটাৰ তাৰাবাৰীত আৰক্ষীৰ গুলীচালনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ আনোৱাৰ হুছেইন নামৰ এটা ড্ৰাগছ পেডলাৰ।Naba Gogoi Nov 16, 2025 11:46 ISTগুৱাহাটী, ১৬ নৱেম্বৰঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰীত আৰক্ষীয়ে চলালে গুলী। বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইনক আৰক্ষীৰ এনকাউণ্টাৰ। Advertismentalso read: মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত শিশু সন্তানক বিক্ৰীশনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাবলৈ চেষ্টা কৰে। তেতিয়াই আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায়। শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অ'ল্টো বাহনৰ পৰা ১১টাকৈ সন্দেহযুক্ত হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল। আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো।also read: অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়কড্ৰাগছ সৰবৰাহৰ দলৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনক। আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত ঘৰত ড্ৰাগছ থকা বুলি স্বীকাৰ কৰিছিল আনোৱাৰে। আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হোৱাৰ সময়ত আদবাটতে আনোৱাৰ হুছেইনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায়। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনলৈ লক্ষ্য কৰি গুলী চলায়।also read: কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যানআৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় আনোৱাৰ। আনোৱাৰ হুছেইনৰ বাওঁ ভৰি গুলী লগাত সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ড্ৰাগছ পেডলাৰ আনোৱাৰ। এনকাউণ্টাৰৰ পাছতে ঘটনাস্থলীত বৰপেটা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত বিকাশ বৰা ভূঞা, সদৰ উপ-আৰক্ষী অধীক্ষক জিতেশ বৰ্মন উপস্থিত হয়।AdvertismentAdvertisment Read the Next Article