Advertisment

দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হয় বিশাল এই শপতগ্ৰহণ অনুষ্ঠান।

 দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ Photograph: (DY365)
দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ Photograph: (DY365)

দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

বিহাৰৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত NDAৰ বিপুল জয়ৰ পিছত আজি বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হয় বিশাল এই শপতগ্ৰহণ অনুষ্ঠান। শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে শপতবাক্য পাঠ কৰায় নীতিশ কুমাৰক। 

Advertisment

Also Read: কয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত ২৬গৰাকী মন্ত্ৰীয়ে শপত লয়। ইয়াৰে ১৪ জন বিজেপিৰ, ৮জন জেডি(ইউ), ২ জন এলজেপি (আৰভি) আৰু এজনকৈ হাম (এছ) আৰু আৰএলএমৰ। উপ-মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে বিজেপিৰ সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহাই। 

Also Read: প্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল?

বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, শ্ৰৱণ কুমাৰ, মংগল পাণ্ডে, দিলীপ জয়ছৱাল, অশোক চৌধুৰী, লেছি সিং, মদন সাহনী, নিতিন নবীন, ৰাম কৃপাল যাদৱ, সন্তোষ সুমন, সুনীল কুমাৰ, জামা খান, সঞ্জয় সিং টাইগাৰ, অৰুণ শংকৰ প্ৰসাদ, সুৰেন্দ্ৰ মেহতা, নাৰায়ণ প্ৰসাদ, ৰামা নিছাদ, লখেন্দ্ৰ কুমাৰ ৰোশন, শ্ৰেয়াসী সিং, প্ৰমোদ কুমাৰ, সঞ্জয় কুমাৰ, সঞ্জয় কুমাৰ সিং আৰু দীপক প্ৰকাশে শপতগ্ৰহণ কৰে।

Also Read: ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহসহ NDAৰ বহু শীৰ্ষ নেতা। উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান, সাংসদ মনোজ তিৱাৰী, অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণো। 

Advertisment
Advertisment