Advertisment

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কোকৰাঝাৰৰ বডোফা নগৰত শপতগ্ৰহণ হাগ্ৰামাৰ। প্ৰতিকুল বতৰকো নেওচি শপত গ্ৰহণ অনুষ্ঠানলৈ আহিল হাজাৰ হাজাৰ লোক।  

 Filephoto
Filephoto

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কোকৰাঝাৰৰ বডোফা নগৰত শপতগ্ৰহণ হাগ্ৰামাৰ। প্ৰতিকুল বতৰকো নেওচি শপত গ্ৰহণ অনুষ্ঠানলৈ আহিল হাজাৰ হাজাৰ লোক।  

Advertisment

৫ অক্টোবৰ, BTC বাসীৰ বাবে এটা উল্লেখযোগ্য দিন। আজি BTCৰ পঞ্চম পৰিষদৰ মুৰব্বীৰূপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ সৈতে BTCৰ উপ-মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল’লে ৰিহন দৈমাৰীয়ে আৰু প্ৰ’টেম স্পীকাৰ হিচাপে শপত ললে ত্ৰিদীপ দৈমাৰীয়ে। শপতগ্ৰহণ উপলক্ষে বডোফা নগৰ খেলপথাৰত সমাৱেত হ'ল হাজাৰ হাজাৰ লোক।

শপত গ্ৰহণৰ পূৰ্বে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি BPFৰ মুৰব্বীগৰাকীৰ। দতোমাৰ থুলুংগাফুৰীৰ বডোফাৰ সমাধিস্থলীতো পুস্পাঞ্জলি টীম হাগ্ৰামাৰ। লগতে দেৱৰগাঁৱত থকা বড়োলেণ্ড ছহিদ বেদীতো শ্ৰদ্ধাঞ্জলি নিবেদন BPFৰ নৱনিৰ্বাচিত পাৰিষদৰ। 

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আজি বডোফা নগৰ খেলপথাৰত বিপিএফ পাৰিষদে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব। শপতগ্ৰহণত উপস্থিত থাকিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ একাধিক মন্ত্ৰীৰ লগতে ত্ৰিপুৰাৰ ৰজা বিক্ৰম আদিত্য দেৱবাৰ্মাও। 

প্ৰতিকুল বতৰকো নেওচি হাগ্ৰামাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিল হাজাৰ হাজাৰ লোক। বতৰৰ বিঘিনীয়েও ম্লান পেলাব পৰা নাই BPFৰ সমৰ্থকৰ উছাহ। কেৱল মাত্ৰ লদেখিবলৈ পোৱা গ'ল বডোফা নগৰ খেলপথাৰলৈ দলে বলে বিপিএফৰ কৰ্মী-সমৰ্থকৰ সোঁত। শপত গ্ৰহণ অনুষ্ঠানতে বড়োলেণ্ডৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। 
 
উল্লেখ্য যে, পাঁচ বছৰৰ পাছত পুনৰ BTCৰ শাসনলৈ উভতি আহিছে হাগ্ৰামা মহিলাৰী। প্ৰৱল প্ৰত্যাহ্বানৰ মাজতো BPFক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে। BPFয়ে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে UPPL দলে ৭ খন আৰু BJPয়ে মাত্ৰ পাঁচখন আসনতে সীমাবদ্ধ থাকিল।

ইফালে BPFৰ জয়ৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, হাগ্ৰামাৰ BPF ইতিমধ্যেই NDAতেই আছে। গতিকে BTRৰ ৪০ খন আসনেই NDAৰ দখলত। কিন্তু শপত গ্ৰহণৰ পূৰ্বে এই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে হাগ্ৰামাই। যদি NDAৰ লগত UPPL থাকে তেন্তে BPF দল NDAৰ লগত নাথাকে বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে।