Advertisment

বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ খিলঞ্জীয়া

বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।

 Filephoto
Filephoto

বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ খিলঞ্জীয়া

বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।

Advertisment

বিজেপি চৰকাৰৰ বিৰুদ্ধে উজনিৰ পৰা নামনিলৈ আৰম্ভ হৈছে ধাৰাবাহিক আন্দোলন। হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহিছে ৰাজপথলৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়াই হাতত লৈছে জোঁৰ সমদল কাৰ্যসূচী। হাতে হাতে খিলঞ্জীয়াই জোঁৰ লৈ হুংকাৰ দিছে জংগী আন্দোলনৰ। 

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য। দেওবাৰে সন্ধিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদত পুনৰ কঁপিল শিৱসাগৰ। হাতে হাতে জোঁৰ লৈ তলাতল ঘৰ প্ৰাংগনৰ পৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৃহত্‍ প্ৰতিবাদী সমদল। NO ST NO REST ধ্বনিৰে উত্তাল হৈ পৰিল ঐতিহাসিক ৰংপুৰ। তলাতল ঘৰ প্ৰাংগনৰ পৰাই প্ৰতিবাদকাৰীৰ হুংকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক। জনজাতিকৰণ নকৰিলে নিৰ্বাচনত বিজেপিক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। প্ৰতিবাদস্থলীৰ পৰাই আটাছুৰ হুংকাৰ চৰকাৰলৈ- '৬ জনগোষ্ঠীৰ জনজাতিকৰণ অবিহনে চৰকাৰৰ গত্যন্তৰ নাই। এই প্ৰতিবাদ নিৰন্তৰ চলিব, এইবাৰ কোনো আপোচ নহ’ব।' খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত প্ৰয়োজনীয় বুলিও মন্তব্য কৰে আটাছুৱে। 

ইফালে জনজাতিকৰণ দাবীৰে কলিয়াবৰতো প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৩ সহস্ৰাধিক লোকৰ জোঁৰ সমদলত কঁপি উঠিল কলিয়াবৰৰ ৰাজপথ। কলিয়াবৰত নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। '২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে জনজাতিকৰণ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্যান্য দাবীসমূহ মানি নললে জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে।

Advertisment
Advertisment