Assameseকয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী? প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট। মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম।’ ডাঙৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Naba Gogoi Nov 19, 2025 19:38 IST‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী? প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট। মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম।’ ডাঙৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Advertismentগুৱাহাটী, ১৯ নৱেম্বৰঃ ৰাজ্যৰ মিঞা মুছলমানক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুকত এইবাৰ বিজেপি বিৰোধী কোন চিনাক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। হিন্দুৰ নামত ৫/৬টাকৈ একাউণ্ট খুলি বিজেপিৰ বিৰোধিতা একাংশ মিঞাৰ। সেই মিঞাক চিনাক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী?' 'প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট'। 'মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম'। also read: PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত...ৰাজ্যৰ মিঞা মুছলমানক টাৰ্গেট কৰি অভিযোগ উত্থাপন কৰে যে বহু ব্যক্তিয়ে হিন্দু নাম ব্যৱহাৰ কৰি ভুৱা ফেচবুক একাউণ্ট সৃষ্টি কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে মন্তব্য কৰি কয় যে 'এনেধৰণৰ অনলাইন কাৰ্যকলাপৰ জৰিয়তে জনমতক প্ৰভাৱিত কৰাৰ লগতে বিজেপি বিৰোধী আখ্যান প্ৰচাৰ কৰা হৈছে'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু দাবী কৰে যে মুছলমান সম্প্ৰদায়ৰ একাংশ লোকৰ হাতত আধাৰ কাৰ্ড আৰু অন্যান্য পৰিচয় পত্ৰকে ধৰি ভুৱা নথি-পত্ৰ আছে। অসমত জীয়াই থাকিব পৰাকৈ তেওঁলোকৰ হাতত আছে সকলো ভুৱা বা ডুপ্লিকেট নথি-পত্ৰ। আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি আন সকলো নথি-পত্ৰলৈকে তেওঁলোকে অসমত বাস কৰি আছে। লগতে মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে এনে ভুৱা নথি-পত্ৰ সমান্তৰালকৈ ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট খুলি বিজেপি বিৰোধী ভিন্ন পোষ্ট কৰিছে। অৱশ্যে মিঞা মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। AdvertismentAdvertisment Read the Next Article