Advertisment

জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ

আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ আপোন মানুহগৰাকীৰ আজি ওপজা দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন গৰিমাৰ। আজি পত্নী গৰিমা শইকীয়া গাৰ্গক জন্মদিনৰ শুভেচ্ছা দিবলৈ কায়িকভাৱে জুবিন গাৰ্গ নাই এই পৃথিৱীত। কেৱল মাথোঁ আছে স্বামী জুবিনৰ অলেখ স্মৃতি।

 জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ Photograph: (DY365)
জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ Photograph: (DY365)

জুবিন নাই, আছে মাথোঁ স্মৃতি


জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰ

আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ আপোন মানুহগৰাকীৰ আজি ওপজা দিন। জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন গৰিমাৰ। আজি পত্নী গৰিমা শইকীয়া গাৰ্গক জন্মদিনৰ শুভেচ্ছা দিবলৈ কায়িকভাৱে জুবিন গাৰ্গ নাই এই পৃথিৱীত। কেৱল মাথোঁ আছে স্বামী জুবিনৰ অলেখ স্মৃতি। প্ৰিয় মানুহগৰাকীৰ আৱৰ্তমানত এমাহে শোকত মৰ্মাহত গৰিমা। জুবিন গাৰ্গ অবিহনে গৰিমাই কেনেকৈ কিদৰে দিন-ৰাতি পাৰ কৰিছে সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই। 

Advertisment

Also Read: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসক

গৰিমা শইকীয়া গাৰ্গৰ ওপজা দিনটোত বিভিন্নজন শুভকাংক্ষীয়ে গৰিমা শইকীয়া গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত একেলগে থকাৰ দিলে প্ৰতিশ্ৰুতি। 

আজি জন্মদিনটোতে পুৱাই গৰিমা শইকীয়া গাৰ্গে মনত পেলালে স্বামী জুবিন গাৰ্গক। দুখন বিশেষ ফটো সামাজিক মাধ্যমত আপলোড কৰিলে গৰিমা শইকীয়া গাৰ্গে। স্বামী জুবিনৰ সৈতে তোলা দুখন পুৰণি ফটো ফেচবুকত আপলোড কৰিলে গৰিমাই। কেৱল 'গ’ল্ডী' বুলি লিখি সামাজিক মাধ্যমত ফটো দুখন আপলোড কৰিলে গৰিমা শইকীয়া গাৰ্গে।  

Also Read: জুবিনবিহীন অসমত সেৰেঙা দীপাৱলী !

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল মৰমৰ শিল্পী জুবিন গাৰ্গে। এতিয়াও জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ আৱৰ্তত। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। বিভিন্ন সময়ত জুবিনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত কৰি আহিছে আৱেগিক পোষ্ট। বিগত এটা মাহত পত্নী গৰিমা শইকীয়া গাৰ্গে দাবী কৰি আহিছে স্বামী জুবিনৰ ন্যায়। কেতিয়াবা যদি সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত ন্যায়ৰ দাবী কৰিছে আকৌ কেতিয়াবা সামাজিক মাধ্যমযোগে এই দাবী তুলিছে। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত সকলোকে সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। 

জুবিন গাৰ্গৰ অনুৰাগীয়েও ন্যায়ৰ দাবী উত্থাপন কৰি আহিছে। সামাজিক মাধ্যমত #JusticeForZubeenGargয়ে ২ মিলিয়ন অতিক্ৰম কৰিছে। জুবিনৰ মৃত্যুত এতিয়াও শোকস্তব্ধ ৰাজ্য, মৰ্মাহত ৰাজ্যবাসী। যাৰ বাবে এইবাৰ দুৰ্গাপূজা আৰু দেৱালীত ৰাজ্যত দেখা পোৱা নগ'ল বিশেষ উছাহ, উদ্দীপনা।