Advertisment

জুবিনবিহীন অসমত সেৰেঙা দীপাৱলী !

আজি পোহৰৰ উত্‍সৱ দীপাৱলী। দেশজুৰি দীপাৱলীক লৈ ব্যাপক উত্‍সাহ, উদ্দীপনা। ব্যতিক্ৰম মাথোঁ অসম ভূমি। জুবিনবিহীন অসমত এইবাৰ দীপাৱলীক লৈ নাই কোনো উৎসাহ, নাই কোনো উদ্দীপনা। 

 Filephoto
Filephoto

জুবিনবিহীন অসমত সেৰেঙা দীপাৱলী !

আজি পোহৰৰ উত্‍সৱ দীপাৱলী। দেশজুৰি দীপাৱলীক লৈ ব্যাপক উত্‍সাহ, উদ্দীপনা। ব্যতিক্ৰম মাথোঁ অসম ভূমি। জুবিনবিহীন অসমত এইবাৰ দীপাৱলীক লৈ নাই কোনো উৎসাহ, নাই কোনো উদ্দীপনা। 

Advertisment

জুবিন গাৰ্গবিহীন এটা মাহ। প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে একুৰা জুই। জুবিনবিহীন অসমত নাই কোনো উত্‍সৱৰ আনন্দ। সকলো আজি উকা, সেৰেঙা। তাৰ মাজতো পৰম্পৰা ৰক্ষা কৰি নিয়ম মাফিক পূজা-অৰ্চনাৰে অসমীয়াই আয়োজন কৰিছে দীপাৱলী-কালীপূজাৰ। 

প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত পালন কৰা হয় পোহৰৰ উত্‍সৱ দীপাৱলী। দেশৰ ভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে আয়োজন কৰে পোহৰৰ উত্‍সৱ দীপাৱলীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে দীপাৱলী আৰু কালী পূজাক লৈ প্ৰস্তুতি সম্পন্ন হৈছে। ঘৃণাৰ বিৰুদ্ধে প্ৰেম, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়ৰ প্ৰতীকীস্বৰূপ পোহৰৰ উত্‍সৱ দীপাৱলী। দীপাৱলীৰ দিনা মিঠাতেলৰ মাটিৰ চাকি জ্বলোৱাৰ লগতে নানাৰঙী আলোকসজ্জাৰে সকলোৱে নিজৰ ঘৰখন আলোকিত কৰি তোলে। 

ইয়াৰ লগতে বোমা-ফটকা ফুটাই, ফুলজাৰি জ্বলাই আনন্দ কৰা দীপাৱলীৰ অন্যতম বৈশিষ্ট্য। কিন্তু এইবাৰ দীপাৱলীৰ বতৰত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আতচবাজী উদ্যোগ। দীপাৱলী উপলক্ষে বৰপেটাতো আতচবাজী ক্ৰয় কৰিবলৈ নাই কোনো গ্ৰাহক। একপ্ৰকাৰ বৰপেটাৰ আতচবাজী উদ্যোগতো নিমাওমাও পৰিৱেশ। পূৰ্বৰ প্ৰতিটো দীপাৱলীত দেখাৰ দৰে এইবাৰৰ দীপাৱলীত নাই গ্ৰাহকৰ লানি নিছিগা ভিৰ। গ্ৰাহকৰ সেৰেঙা উপস্থিতিয়ে হতাশ কৰি তুলিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলক। 

দীপাৱলীৰ উপলক্ষে প্ৰায় ১ কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ আতচবাজী প্ৰস্তুত কৰিছিল বৰপেটাৰ এটা পৰিয়ালে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি দীপাৱলী উদযাপনক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হয় পৰিয়ালটো। তথাপি কোনোধৰণৰ খেদ নাই পৰিয়ালটোৰ ।