Assameseআৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসকআকৌ শিলচৰ চহৰত গ্ৰেপ্তাৰ ভুৱা চিকিত্সক। শিলচৰ চহৰৰ অম্বিকাপট্টিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মেট্ৰিক পাছ’ ভুৱা চিকিত্সকক। বিপুল চন্দ্ৰ নাথ নামৰ ভুৱা চিকিত্সকজনক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে। Jyotiprasad Sarma Oct 20, 2025 20:05 ISTভুৱা চিকিৎসকৰে ভৰিছে কাছাৰ Photograph: (DY365)ভুৱা চিকিৎসকৰে ভৰিছে কাছাৰআৰক্ষীৰ জালত ১৩জনকৈ ভুৱা চিকিৎসকআকৌ শিলচৰ চহৰত গ্ৰেপ্তাৰ ভুৱা চিকিত্সক। শিলচৰ চহৰৰ অম্বিকাপট্টিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘মেট্ৰিক পাছ’ ভুৱা চিকিত্সকক। বিপুল চন্দ্ৰ নাথ নামৰ ভুৱা চিকিত্সকজনক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে। Advertismentভুৱা চিকিৎসকৰে ভৰিছে কাছাৰ। কাছাৰ আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ভুৱা চিকিৎসক। ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহে এই চাঞ্চল্যকৰ খবৰ। যোৱা কেইবাটাদিনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ১২জনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ কাছাৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে আন এজন ভুৱা চিকিৎসক।Also Read: জালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়ালগোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে শিলচৰ চহৰৰ অম্বিকাপট্টি অঞ্চলত থকা Healthy Unique Life Clinic নামৰ প্ৰতিষ্ঠানত অভিযান চলাই বিপুল চন্দ্ৰ নাথ নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। ভুৱা চিকিৎসকজনে চেম্বাৰত ৰোগী চাই থাকোঁতে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসক বিপুল চন্দ্ৰ নাথে MBBSৰ ভুৱা চাৰ্টিফিকেটসহ বিভিন্ন ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি শিলচৰ চহৰত দীৰ্ঘদিনৰ পৰা ৰাইজৰ লগত প্ৰতাৰণা কৰি অহাৰ কথা উল্লেখ কৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই৷ লগতে তেওঁ কয় যে, ধৃত ভুৱা চিকিৎসকজন কেৱল মাত্ৰ মেট্ৰিক পাছ। Also Read:জুবিনবিহীন অসমত সেৰেঙা দীপাৱলী !ইতিমধ্যে আৰক্ষীয়ে বিপুল চন্দ্ৰ নাথৰ পৰা MBBSৰ ভুৱা চাৰ্টিফিকেটসহ বিভিন্ন নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, কাছাৰত আৰক্ষীৰ অভিযানত এইপৰ্যন্ত জালত পৰিছে ১৩জন ভুৱা চিকিত্সক। এই তালিকা আৰু দীঘল হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।Also Read: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ Read the Next Article