Assameseজালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়ালভাৰত-ভূটান সীমান্তত আনন্দৰ বন্যা ৷ এখন গাঁৱত এগৰাকী যুৱকে প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে গাঁওবাসী। গাঁওখনৰ প্ৰতিটো পৰিয়াল আনন্দত উৎফুল্লিত হৈ পৰে ৰাম বেচাৰ নামৰ যুৱকজনৰ সফলতাত৷Jyotiprasad Sarma Oct 20, 2025 16:54 ISTজালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়াল Photograph: (DY365)জালাবস্তিত আনন্দৰ লহৰগাঁওবাসীয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়ালভাৰত-ভূটান সীমান্তত আনন্দৰ বন্যা ৷ এখন গাঁৱত এগৰাকী যুৱকে প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে গাঁওবাসী। গাঁওখনৰ প্ৰতিটো পৰিয়াল আনন্দত উৎফুল্লিত হৈ পৰে ৰাম বেচাৰ নামৰ যুৱকজনৰ সফলতাত৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটান পাহাৰৰ কাষত অৱস্থিত এই গাঁওখনৰ নাম জালাবস্তি৷ চাওতাল জনগোষ্ঠীৰ অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰা এই জালাবস্তি গাঁওখনত নাছিল কোনো চৰকাৰী চাকৰি লাভ কৰা লোক।AdvertismentAlso Read: আজি দীপাৱলী-কালী পূজাপ্ৰথমবাৰৰ বাবে জালাবস্তি গাঁওখনত চাওতাল জনগোষ্ঠীৰ এই যুৱকজনে চৰকাৰী চাকৰি লাভ কৰাত আনন্দত আত্মহাৰা হৈ পৰে গাঁওবাসী। শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া শিক্ষকসকলৰ ভিতৰত নাম আহিল চাওতাল জনগোষ্ঠীৰ যুৱক ৰাম বেচৰাৰ।পিতৃহাৰা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাম বেচৰাই শিক্ষকৰ চাকৰি লাভ কৰাত পৰিয়ালটোৰ মুখত বিৰিঙি উঠে হাঁহি। মাতৃ আৰু ককায়েকে অশেষ কষ্ট কৰি পঢ়া-শুনাৰ খৰচ বহন কৰিছিল ৰাম বেচাৰৰ। Also Read: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গস্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায় ৰাম বেচৰাৰ লগতে পৰিয়াল আৰু গাঁওবাসীয়ে৷ভাৰত-ভূটান সীমান্তৰ অতি দুৰ্গম অঞ্চলৰ বাসিন্দা ৰাম বেচৰাৰ গাঁৱৰ ৰাষ্টা-পদূলি অতিকৈ বেয়া৷ ইফালে সেই অঞ্চলটোত সময়ে সময়ে বনৰীয়া হাতীয়ে চলাই থাকে উপদ্ৰৱ৷ কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই জালাবস্তি গাঁওখনক৷ Also Read: আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰউল্লেখ্য যে, জালাবস্তি গাঁৱত নাছিল এগৰাকীও চৰকাৰী চাকৰিয়াল। শেহতীয়াভাৱে ৰাম বেচৰাই চৰকাৰী চাকৰি লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে ভাৰত-ভূটান সীমান্ত অঞ্চললৈ৷ গাঁওবাসীয়ে আনন্দতে ৰাম বেচৰাৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে ৰাম বেচৰাৰ মাতৃ আৰু ককায়েককো সম্বৰ্ধিত কৰি পৰিয়ালটোক জনায় শুভ কামনা৷ আমাৰ ফালৰ পৰাও ৰাম বেচৰালৈ থাকিল শুভ কামনা। Read the Next Article