Assameseনিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতীসদ্য ঘোষিত ৰাজ্য চৰকাৰৰ ADR পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে৷ Jyotiprasad Sarma Oct 12, 2025 20:50 ISTনিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতী Photograph: (DY365)নিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতীসপোন আছিল আৰক্ষীৰ খাকী পোছাক পিন্ধাৰ। হেঁপাহ, সযত্নে দীৰ্ঘদিনে মনত পুহি ৰখা সপোন আজি বাস্তৱত পৰিণত হ'ল দুই যুৱক-যুৱতীৰ। চেষ্টাৰ অসাধ্য একো নাই, কষ্টৰ ফল যে মিঠা তাকেই প্ৰমাণ কৰি দেখুৱালে দুই যুৱক-যুৱতীয়ে। দৰিদ্ৰতাক নেওচি নিজ প্ৰতিভাৰে উজলি উঠিল ওদালগুৰিৰ ডিমাকুছিৰ মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথ।Advertismentসদ্য ঘোষিত ৰাজ্য চৰকাৰৰ ADR পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃৰ সন্তান মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমি নাথে অশেষ কষ্টেৰে পঢ়া শুনা কৰি অসম আৰক্ষীৰ বাবে বাচনি লাভ কৰাত দুয়োগৰাকীকে শুভেচ্ছা, প্ৰশংসাৰে ওপচাই দিছে ডিমাকুছিৰ ৰাইজে৷ ইফালে দুয়োগৰাকী যুৱক-যুৱতীয়ে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে প্ৰশংসা কৰে। সফলতাৰ বাটত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ডিমাকুছিৰ ১ নং সোণাজুলিৰ লোহিত ৰাজবংশীৰ পুত্ৰ মনিন্দ্ৰ ৰাজবংশী আৰু শিতেশ্বৰ নাথৰ কন্যা ৰুণুমী নাথে৷ সৰুতে মাতৃহাৰা মনিন্দ্ৰ ৰাজবংশীক পিতৃ লোহিত ৰাজবংশীয়ে ঠেলা চলাই পঢ়া-শুনা কৰাইছিল। ঘৰৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে মনিন্দ্ৰই হোটেলতো কাম কৰিছিল। তাৰ পিছত নিজাকৈ এখন চাহৰ দোকান খুলি জীৱন নিৰ্বাহৰ পথ উলিয়াইছিল। ইফালে ৰুণুমী নাথক দেউতাকে দিন হাজিৰা কৰি উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰি দিছিল।দুয়োগৰাকী যুৱক-যুৱতীৰ সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য লোক দুয়োৰে বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনাই৷ আমাৰ ফালৰ পৰাও মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথলৈ থাকিল শুভেচ্ছা। AdvertismentAdvertisment Read the Next Article