Advertisment

আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

সাপ হৈ খুঁটি বেজ হৈ জৰা নীতি গ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। বিশ্বৰ একাধিক দেশৰ মাজত চলা যুদ্ধ বুজাবুজিৰে সমাধান কৰা বুলি দাবী কৰা ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ। নিজ দেশৰ নাগৰিকৰে ৰোষত পৰিছে বিগ ব্ৰাদাৰ ট্ৰাম্প।

 Filephoto
Filephoto

আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ 

সাপ হৈ খুঁটি বেজ হৈ জৰা নীতি গ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। বিশ্বৰ একাধিক দেশৰ মাজত চলা যুদ্ধ বুজাবুজিৰে সমাধান কৰা বুলি দাবী কৰা ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ। নিজ দেশৰ নাগৰিকৰে ৰোষত পৰিছে বিগ ব্ৰাদাৰ ট্ৰাম্প।

Advertisment

প্ৰেচিডেণ্ট ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। ১০ মাহতে ট্ৰাম্পৰ প্ৰতি মোহভংগ হৈছে আমেৰিকানৰ। প্ৰেচিডেণ্ট ট্ৰাম্পৰ বিৰুদ্ধে স্বৈৰাচাৰী শাসনৰ অভিযোগেৰে ৩০ লাখ আমেৰিকানৰ ট্ৰাম্প বিৰোধী অভিযান। লণ্ডনৰ পৰা ৱাশ্বিংটনলৈ আমেৰিকাত এতিয়া No King's বিদ্ৰোহ। 

ক্ষমতা দখলৰ ১০ মাহ পিছতে বিভ্ৰান্ত আমেৰিকা, বিভ্ৰান্ত ট্ৰাম্প। খেয়ালখুচি মতে প্ৰেছিডেণ্ট ট্ৰাম্পে গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো পলিচী। আমেৰিকা ফাৰ্ষ্ট কৰিবলৈ গৈ ঋণৰ বোজাত ডুবালে এসময়ৰ ঐশ্বৰ্যশালী দেশখনক। ট্ৰাম্পৰ বিৰুদ্ধে শেহতীয়াকৈ আৰম্ভ হৈছে No King's ৰেলী। শনিবাৰে বিশ্বৰ ভিন্ন প্ৰান্তত থকা আমেৰিকাৰ দূতাৱাস প্ৰাংগণৰ লগতে দেশজুৰি হোৱা প্ৰতিবাদত অংশ লয় প্ৰায় ৩০ লাখ আমেৰিকানে। 

লেহ গ্ৰীনবাৰ্গ নামৰ মহিলা প্ৰতিবাদকাৰীৰ নেতৃত্বত জুন মাহত আমেৰিকাত আৰম্ভ হৈছিল প্ৰথমটো ন’ কিংছ ৰেলী। ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত হৈছিল সামাজিক বিভাজন আৰু গণতান্ত্ৰিক মূল্যবোধ হ্ৰাস কৰাৰ অভিযোগ। এই অভিযোগৰ ভিত্তিতে ক্ৰমাত্‍ ব্যাপক কৰি তোলা হৈছে ট্ৰাম্পবিৰোধী অভিযান। অভিযান সফল কৰিবলৈ সহস্ৰাধিক স্বেচ্ছাসেৱীক আমেৰিকান চিভিল লিবাৰ্টীজ ইউনিয়নে দিছে প্ৰশিক্ষণ। ইয়াত ইন্ধন যোগাইছে হিলাৰী ক্লিণ্টনকে ধৰি কেইবাজনো ডেম’ক্ৰেটিক দলৰ সাংসদে। লগতে আমেৰিকাৰ একাংশ চেলিব্ৰিটিয়েও সমৰ্থন জনাইছে ন’ কিংছ ৰেলীক। 

নৰ্থ ভাৰ্জিনিয়াৰ পৰা ৱাশ্বিংটন ডিচিলৈ শনিবাৰে বৃহত্‍ ৰেলী উলিয়াই প্ৰতিবাদকাৰীয়ে সতৰ্ক কৰি দিছে ট্ৰাম্পক। কিন্তু বিদ্ৰোহক সহজভাৱে লৈ ট্ৰাম্পে কৈছে- I am not a King। ৰিপাব্লিকান নেতৃবৰ্গৰ মতে ট্ৰাম্পবিৰোধী অভিযান প্ৰকৃততে Hate-America Rallyহে। 

উল্লেখ্য যে ছ’চিয়েল মিডিয়াক মূলধন হিচাপে লৈ নেপাল, শ্ৰীলংকা, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন, পেৰুকে ধৰি বিভিন্ন দেশত যুৱ প্ৰজন্মই নেতৃত্ব দিছে বিধ্বংসী আন্দোলনৰ। একে পটভূমিত আমেৰিকাতো অনুভূত হৈছে বিদ্ৰোহৰ কম্পন। ট্ৰাম্প প্ৰশাসন এতিয়াই সচেষ্ট নহ’লে আমেৰিকাৰ ভাগ্যও হয়তো ওলমিব GenZৰ হাতত।

Advertisment
Advertisment