Advertisment

ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন

ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন কৰাৰ কথা ঘোষণা কৰে। ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধিৰ দলে ঘোষণা কৰে এই কথা।

 ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন

দেশৰ ৭টা সুন্দৰ ঐতিহাসিক স্থান
ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ অন্তৰ্ভুক্ত

Advertisment

ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন কৰাৰ কথা ঘোষণা কৰে। ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধিৰ দলে ঘোষণা কৰে এই কথা। শেহতীয়াকৈ এই ৭টা স্থানৰ নাম অন্তৰ্ভুক্তিৰ ফলত এই তালিকাত ভাৰতীয় স্থানৰ মুঠ সংখ্যা ৬৯টা হৈছে।  ইয়াৰ ভিতৰত ৪৯টা সাংস্কৃতিক, ৩টা মিশ্ৰিত আৰু ১৭টা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ সন্নিৱিষ্ট হৈ আছে। 

নতুনকৈ সংযোজন কৰা স্থানসমূহে দেশৰ বিভিন্ন প্ৰাকৃতিক দৃশ্যৰ সৌন্দৰ্যৰে ভৰপূৰ, প্ৰত্যেকেই সুকীয়া প্ৰাকৃতিক আৰু ভূতাত্ত্বিক ঐতিহ্য প্ৰতিফলিত কৰে। এই নতুন ৭টা স্থানৰ ভিতৰত আছে পঞ্চগণিৰ ডেক্কান ফান্দ, মহাবলেশ্বৰ মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা পাহাৰৰ নাম। এই ৭টা ঐতিহ্য ক্ষেত্ৰ দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশ।

ইউনেস্ক’ৰ ভাৰতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, 'ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলে ঘোষণা কৰি আনন্দিত হৈছে যে ভাৰতৰ ৭টা স্থান ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে'।

Advertisment

চৰকাৰীভাৱে বিশ্ব ঐতিহ্য তালিকাৰ বাবে বিবেচনা কৰাৰ পূৰ্বে স্থানসমূহক আংশিক তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। যাৰ ফলত এই পদক্ষেপটো এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰয়। এই মনোনয়নসমূহ প্ৰস্তুত আৰু দাখিল কৰাত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে বিশেষ ভূমিকা পালন কৰিছিল। 

ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা স্থানকেইটা-

মেঘালয়ৰ গুহাঃ মেঘালয়ৰ পূব খাছি পাহাৰত অৱস্থিত এই গুহাসমূহে অঞ্চলটোৰ মনোমোহা ভূতাত্ত্বিক ইতিহাসৰ আভাস দিয়ে।

Advertisment

নগা পাহাৰৰ অফিঅ'লাইটঃ নাগালেণ্ডৰ কিফিৰে পৃথিৱীৰ খোলাৰ ইতিহাসৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা এটা বিৰল ভূতাত্ত্বিক বৈশিষ্ট্য। যিয়ে দেশখনৰ প্ৰাকৃতিক ঐতিহ্যক আৰু অধিক সমৃদ্ধিশালী কৰি তোলে। 

ডেক্কান পঞ্চগণি আৰু মহাবলেশ্বৰৰ ফান্দঃ মহাৰাষ্ট্ৰৰ পঞ্চগণি আৰু মহাবলেশ্বৰত অৱস্থিত এই প্ৰাকৃতিক আশ্চৰ্য়ই অঞ্চলটোৰ ভূতাত্ত্বিক বৈশিষ্ট্যক প্ৰদৰ্শন কৰে। আগ্নেয়গিৰিৰ বেছাল্ট গঠনৰ এক আকৰ্ষণীয় উদাহৰণ। 

ছেইণ্ট মেৰীছ আইলেণ্ড ক্লাষ্টাৰঃ কৰ্ণাটকৰ উডুপিত অৱস্থিত এই উল্লেখযোগ্য স্থানটো। যিয়ে ৰাজ্যখনৰ বৈচিত্ৰময় ভূতাত্ত্বিক পৰিৱেশ উজলাই তুলিছে। ষড়ভুজ বেছাল্টিক শিলৰ গঠনৰ বাবে পৰিচিত। 

Advertisment

এৰা মাট্টি ডিব্বালুঃ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আছে এই অনন্য স্থানটি। বৈচিত্ৰময় পৰিৱেশ, প্ৰাকৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰে এই স্থানে। প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত ৰঙা বালিৰ টিলাৰ বাবে বিখ্যাত।
 
তিৰুমালা পাহাৰঃ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ পাহাৰবোৰে প্ৰাকৃতিক তাৎপৰ্যৰ বাবে লাভ কৰিছে স্বীকৃতি। গভীৰ আধ্যাত্মিক সংযোগ থকা জৈৱ বৈচিত্ৰ্যৰ হটস্পট এই স্থান। 

ভাৰ্কলাৰ প্ৰাকৃতিক ঐতিহ্যঃ উপকূলীয় শিল আৰু অনন্য ভূতাত্ত্বিক পৰিৱেশৰ বাবে বিখ্যাত কেৰালাৰ ৱৰ্কলাৰ।

Advertisment
Advertisment