Assameseআজি দীপাৱলী-কালী পূজাআজি পোহৰৰ উত্সৱ দীপাৱলী। সমগ্ৰ দেশতে দীপাৱলীক লৈ উত্সাহ, উদ্দীপনা। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। দেশৰ ভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে আয়োজন কৰে পোহৰৰ উত্সৱ দীপাৱলীৰ।Jyotiprasad Sarma Oct 20, 2025 15:09 ISTআজি দীপাৱলী-কালী পূজা Photograph: (DY365)পোহৰৰ উত্সৱআজি দীপাৱলী-কালী পূজাআজি পোহৰৰ উত্সৱ দীপাৱলী। সমগ্ৰ দেশতে দীপাৱলীক লৈ উত্সাহ, উদ্দীপনা। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। দেশৰ ভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে আয়োজন কৰে পোহৰৰ উত্সৱ দীপাৱলীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে দীপাৱলী আৰু কালী পূজাক লৈ প্ৰস্তুতি সম্পন্ন হৈছে। ঘৃণাৰ বিৰুদ্ধে প্ৰেম, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়ৰ প্ৰতীকীস্বৰূপ পোহৰৰ উত্সৱ দীপাৱলী। দেৱালীৰ সময়ত মানুহে ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰি তোলে। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পৰিধান কৰি সন্ধিয়া ঘৰৰ ভিতৰে-বাহিৰে মিঠাতেলৰ মাটিৰ চাকি জ্বলোৱাৰ লগতে নানাৰঙী আলোকসজ্জাৰে আলোকিত কৰি তোলে। ঘৰখন আলোকেৰে সুসজ্জিত কৰি ভগৱানৰ আশিস কামনা কৰে সকলোৱে।AdvertismentAlso Read: ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমানইয়াৰ লগতে বোমা-ফটকা ফুটাই, ফুলজাৰি জ্বলাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ঠাই ভেদে ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয় পোহৰৰ উত্সৱ দীপাৱলী। Also Read: পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধানআজি দীপাৱলী-কালী পূজা। আজিৰ এই দিনটোতেই পালন কৰা হয় কালী পূজা। অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক কালীপূজা। অসমকে ধৰি দেশৰ বিভিন্ন স্থানত কালীপূজাৰ ব্যাপক আয়োজন। আজি দুপৰীয়া ১.১৪ বজাৰ পৰা আৰম্ভ অমাৱস্যা তিথি আৰু কাইলৈ বিয়লি ৩.২৪ বজালৈ থাকিব এই তিথি।Also Read: মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ অৱশ্যে এইবাৰ দীপাৱলীৰ সেই উৎসাহ, উদ্দীপনা নাই অসমবাসীৰ মাজত। পূৰ্বে দেৱালী উপলক্ষে যিধৰণৰ উছাহ, আনন্দ দেখিবলৈ পোৱা যায় এইবাৰ যেন সেয়া দেখিবলৈ পোৱা নাই। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মাণ সমগ্ৰ অসমবাসী। নিয়মমাফিক পূজা-অৰ্চনাৰে আয়োজন দীপাৱলী-কালীপূজাৰ। অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত হৈ আছে সকলো। Read the Next Article