Advertisment

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক সেৱা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্তন হ'ব দৰমহা। 

 FILEPHOTO
FILEPHOTO

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক সেৱা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্তন হ'ব দৰমহা। 

Advertisment

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক শুশ্ৰূষা নকৰা কৰ্মচাৰীসকলৰ ১০-১৫% দৰমহা কৰ্তন কৰা হ'ব। কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ-মাতৃয়ে। এই আইনখনে চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃক উপকৃত কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। 

তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে, "আমি এখন আইন প্ৰৱৰ্তন কৰিছো। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক অৱহেলা কৰে তেন্তে তেওঁলোকৰ দৰমহাৰ ১০ৰ পৰা ১৫ শতাংশ কৰ্তন কৰি তেওঁলোকৰ পিতৃ-মাতৃৰ বেংক একাউণ্টত জমা কৰা হ'ব। আপুনি যেনেকৈ মাহিলী দৰমহা লাভ কৰে, তেনেকৈ আমি নিশ্চিত কৰিম যে আপোনাৰ পিতৃ-মাতৃয়েও ইয়াৰ পৰা মাহিলী আয় লাভ কৰে।" মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়েও ৰাজ্যখনৰ মুখ্য সচিব ৰামকৃষ্ণ ৰাওক এই আইনখনৰ খচৰা প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট বিষয়াৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশ দিছে।

ভাষণৰ শেষত ৰেৱন্থ ৰেড্ডীয়ে উল্লেখ কৰে যে, বৰ্তমান বহু বৃদ্ধ পিতৃ-মাতৃক তেওলোকৰ সন্তানে অৱহেলা কৰে। বিশেষকৈ যেতিয়া সন্তানে কৰ্মসংস্থাপন লাভ কৰে তেতিয়া পিতৃ-মাতৃৰ আৰ্থিক বা আৱেগিক প্ৰয়োজনীয়তাক আওকাণ কৰা দেখা যায়। গতিকে চৰকাৰে এনে অভিভাৱকসকলক ন্যায় প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই আইনখন কাৰ্যকৰী হলে তেলেংগানা চৰকাৰৰ এই সিদ্ধান্ত কেৱল সামাজিক সংস্কাৰেই নহয়, আন ৰাজ্যৰ বাবেও এক আদৰ্শ হিচাপে কাম কৰিব। এই আইনখনে কৰ্মচাৰীসকলক তেওঁলোকৰ বৃদ্ধ পিতৃ-মাতৃৰ যত্নৰ প্ৰতি অধিক সচেতন কৰি তুলিব আৰু পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।