Advertisment

সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা

জুবিনবিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিব অসমে। যদিও শোকাহত তথাপি পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে অসমবাসী। দীপাৱলীৰ বাবে যোগীঘোপাত মাটিৰ চাকিৰ প্ৰস্তুত কৰাত দিনে নিশাই ব্যস্ত হৈছে মৃৎ শিল্পী। সকলো বস্তুৰে দাম বাঢ়িলেও বঢ়া নাই মাটি চাকিৰ দাম।

 সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা

সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা

গুৱাহাটী, ১৮ অক্টোবৰঃ সমাগত পোহৰৰ উৎসৱ দিপাৱলী। জুবিনবিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিব অসমে। যদিও শোকাহত তথাপি পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে অসমবাসী। কিন্তু এইবাৰৰ দীপাৱলীত নাই পূৰ্বৰ দৰে উছাহ-উদ্দীপনা।

Advertisment

আলোক সজ্জাৰে আলোকিত কৰা হ'ব পৰিৱেশ। হিন্দু ধৰ্মীয় নীতি নিয়ম মতে, কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। বন্তি প্ৰজ্বলন, গৃহ সজ্জা, আলোকসজ্জা, ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হ'ব দীপাৱলী।

also read: কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

দীপাৱলীৰ বাবে সাজু হৈছে যোগীঘোপা। মাটিৰ চাকিৰ প্ৰস্তুত কৰাত দিনে নিশাই ব্যস্ত হৈছে মৃৎ শিল্পী। যোগীঘোপাৰ পাল্লীৰতল পালপাৰা গাঁৱত মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰাত। গাওঁখনৰ শতাধিক লোকে ব্যস্ত মাটিৰ চাকি বনোৱাত। হাজাৰ হাজাৰ মাটিৰ চাকি প্ৰস্তুত কৰি যোগীঘোপাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা সমুহলৈ ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে নিয়ে। চাকি সমুহৰ চাহিদা বাঢ়িছে যদিও মৃৎ শিল্প প্ৰস্তুত কৰা চাকিৰ দাম কিন্তু বৃদ্ধি হোৱা নাই। এতিয়াও এটা চাকিৰ দাম মাত্ৰ ১ টকা।

also read: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

এই  মৃৎ শিল্পীসকলে চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত। ৰাজ্যত মিঠাতেলৰ মূল্য বৃদ্ধি হৈছে যদিও চাকিৰ বিক্ৰীত প্ৰভাৱ নপৰিব বুলি আশাবাদী মৃৎ শিল্পীসকল।

also read: প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

ইফালে কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি দীপাৱলীত বিভিন্ন ঠাইত হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে গাওঁখনত অস্বাভাৱিকভাৱে মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে।