Advertisment

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি। ৰদ-বদল কৰা হৈছে ৰাজ্যৰ ৩৬ গৰাকীকৈ আৰক্ষী বিষয়াক। কামৰূপলৈ বদলি কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক।

 অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল Photograph: (DY365)
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল Photograph: (DY365)

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি। ৰদ-বদল কৰা হৈছে ৰাজ্যৰ ৩৬ গৰাকীকৈ আৰক্ষী বিষয়াক। শ্ৰীভূমিৰ SSP পাৰ্থ প্ৰতীম দাসক কাছাৰলৈ বদলি কৰা হৈছে। লীনা দলেক পুনৰ শ্ৰীভূমিৰ SSPৰ দায়িত্ব অৰ্পণ। ধুবুৰীৰ SSPৰ দায়িত্ব বাহাল দেৱাশীষ বৰা। কাছাৰৰ SSP নোমল মাহাত্তা হ'ব কোকৰাঝাৰৰ নতুন SSP।

Advertisment

Also Read: কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

কোকৰাঝাৰ SSP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙৰ SSPৰূপে বদলি কৰা হৈছে। কামৰূপলৈ বদলি কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক। শিৱসাগৰৰ SSP শুভ্ৰজ্যোতি বৰাক যোৰহাটৰ SSP হিচাপে বদলি কৰা হৈছে। যোৰহাটৰ SSP শ্বেতাংক মিশ্ৰাক চতুৰ্থ বেটেলিয়নলৈ বদলি। অতিৰিক্তকৈ মিশ্ৰাক বিশেষ শাখাৰ(R&AC) SSPৰ দায়িত্ব অপৰ্ণ।

Also Read: প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

তিনিচুকীয়ালৈ বদলি ডিমা হাছাওৰ SSP মায়ং কুমাৰক। ডিমা হাছাওৰ নতুন SSP হ'ব ৰিপুঞ্জয় কাকতি। বিশ্বনাথৰ SSP শুভাশীষ বৰুৱাক শিৱসাগৰৰ নতুন SSPৰ দায়িত্ব। বজালীৰ SSP এ বসুমতাৰী হ'ব বিশ্বনাথৰ নতুন SSP। সুমন চক্ৰৱৰ্তী হ'ব বজালীৰ নতুন SSP। তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ SSPৰূপে বদলি গৌৰৱ অভিজিৎ দিলীপক।

Also Read:'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

ডিব্ৰুগড়ৰ পৰা ভি ভি আৰ ৰেড্ডীক হোজাইলৈ বদলি। হোজাইৰ পৰা সৌৰভ গুপ্তাক দেৰগাঁৱলৈ AIG ৰূপে বদলি। বিবেকানন্দ দাসক মাজুলীৰ পৰা নলবাৰীলৈ বদলি। মৰিগাঁৱৰ পৰা হেমন্ত কুমাৰ দাসক দিয়া হৈছে দৰঙৰ দায়িত্ব। দৰঙৰ পৰা প্ৰকাশ সোণোৱালক বদলি কৰা হৈছে মৰিগাঁৱলৈ। দক্ষিণ শালমৰাৰ পৰা হৰেন টকবিক বদলি কৰি মাজুলীৰ দায়িত্ব অৰ্পণ। সিংহৰাম মিলিক দক্ষিণ শালমৰাৰ SSPৰপে বদলি।


তামুলপুৰৰ নতুন হ'ব SSP তাবুৰাম পেগু। শদিয়াৰ SSPৰূপে অঞ্জন পণ্ডিতক দায়িত্ব। পশ্চিম কাৰ্বি আংলঙলৈ বদলি বলীন দেউৰীক। শ্ৰীমতি সম্ভাৱী মিশ্ৰাক গুৱাহাটী Centralৰ DCP নিযুক্তি। অমিতাভ বসুমতাৰীক গুৱাহাটী ইষ্টৰ DCPৰ দায়িত্ব অৰ্পণ।