Advertisment

দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন

দাতা কৰ্ণ আছিল জুবিন গাৰ্গ। ষ্টুডিঅ’ত গান গোৱা পইচা নিজে নাৰাখি দিছিল দুই দেহৰক্ষীক। বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টত হৈছিল ১ কোটিৰো অধিক টকাৰ লেনদেন। 

 Filephoto
Filephoto

দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন

Advertisment

দাতা কৰ্ণ আছিল জুবিন গাৰ্গ। ষ্টুডিঅ’ত গান গোৱা পইচা নিজে নাৰাখি দিছিল দুই দেহৰক্ষীক। বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টত হৈছিল ১ কোটিৰো অধিক টকাৰ লেনদেন। 

ক্ষীপ্র গতিত চলিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্রক্রিয়া। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্রক্রিয়াত ইজনৰ পাছত সিজনক জেৰা কৰিছে SITয়ে। জুবিন গাৰ্গৰ মোবাইলতো SITয়ে পাইছে বহু চাঞ্চল্যকৰ তথ্য। জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টতো লেনদেন হৈছিল বৃহৎ পৰিমাণৰ ধন। প্ৰায় ১ কোটিৰো অধিক ধনৰ লেন-দেনৰ তথ্য লাভ কৰিছে SITয়ে। 

উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গৰ নিজৰ ম’বাইলত নাছিল ইউপিআই ব্যৱস্থা। যাৰ বাবে বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ ইউপিআই ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গে। SITয়ে অনুসন্ধানত এজন দেহৰক্ষীৰ জৰিয়তে ৭০ লাখ টকা আৰু এজন দেহৰক্ষীৰ জৰিয়তে ৪০ লাখ টকা লেনদেন হোৱাৰ তথ্য লাভ কৰিছে। 

মানুহৰ মাজত থাকি, মানুহক সহায় কৰি ভাল পাইছিল জুবিন গাৰ্গে। এক কথাত মাটিৰ মানুহ আছিল জুবিন গাৰ্গ। নিজৰ উপাৰ্জনৰ সকলোখিনি মানুহক বিলাই দি ভাল পাইছিল জুবিনে। কোনোবাই পঢ়াৰ বাবে, কোনোবাই চিকিৎসাৰ বাবে, কোনোবাই অন্যান্য কাৰণত সহায় বিচাৰি প্ৰতিদিনে আহিছিল জুবিন গাৰ্গৰ ঘৰলৈ। আৰু জুবিন গাৰ্গে কাকো নিৰাশ কৰা নাছিল। 

যাৰ বাবে ষ্টুডিঅ’ত গান গাই উপাৰ্জন কৰা টকা নিজৰ সৈতে নাৰাখি জমা ৰাখিছিল দুই দেহৰক্ষীৰ হাতত। এই বৰা আৰু বৈশ্যৰ জৰিয়তেই বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছিল জুবিন গাৰ্গে। দাতা কৰ্ণ হৈ ইউপিআইৰ জৰিয়তেও ৩–১৫ হাজাৰ টকা পৰ্যন্ত বিভিন্ন জনক দিয়াৰ তথ্য লাভ কৰিছে SITয়ে। 

কায়িকভাৱে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। কিন্তু প্ৰতিজন অসমীয়াই আজীৱন বুকুৰ মাজত জীয়াই ৰাখিব মৰমৰ জুবিন গাৰ্গক। জুবিনবিহীন অসম এতিয়াও কোনেও মানি লব পৰা নাই, নোৱাৰেও। কি কাৰণত আমি জুবিন গাৰ্গক হেৰুবাৱ লগা হ'ল- এই জুইকুৰা কিন্তু প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে। ৰাজ্যবাসীৰ এটাই আশা, শীঘ্ৰে ন্যায় পাওক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।