Advertisment

ৰাজ্যবাসীৰ বাবে শুভ ক্ষণ। বঙাইগাঁৱৰ APL হৈ উঠিছে উৎপাদনক্ষম।

উৎপাদনক্ষম হৈ উঠিছে অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ বঙাইগাঁও প্ৰকল্প। APL বঙাইগাঁও প্ৰকল্পত উৎপাদিত ফৰমেলিনৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি। বঙাইগাঁও জিলাৰ ঢাকনাবাৰীত স্থাপন কৰা এই প্ৰকল্পটো হৈছে APLৰ চতুৰ্থ গোট।

 উৎপাদনক্ষম হৈ উঠিছে APLৰ বঙাইগাঁও প্ৰকল্প Photograph: (FILE)
উৎপাদনক্ষম হৈ উঠিছে APLৰ বঙাইগাঁও প্ৰকল্প Photograph: (FILE)

ৰাজ্যবাসী তথা অসম চৰকাৰৰ বাবে এটা শুভ ক্ষণ।

উৎপাদনক্ষম হৈ উঠিছে অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ বঙাইগাঁও প্ৰকল্প।

APL বঙাইগাঁও প্ৰকল্পত উৎপাদিত ফৰমেলিনৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি। বঙাইগাঁও জিলাৰ ঢাকনাবাৰীত স্থাপন কৰা এই প্ৰকল্পটো হৈছে APLৰ চতুৰ্থ গোট। যিতো গোটে উৎপাদন কৰা ফৰমেলিন বৰ্তমান দেশ-বিদেশলৈ বাণিজ্যিক বিক্ৰীৰ বাবে সাজু হৈ পৰিছে।

Advertisment

APLৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা উপাধ্যক্ষ হেমন্ত কুমাৰ গগৈ লগতে APL উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এক অনুষ্ঠানৰ জৰিয়তে উৎপাদিত ফৰমেলিন বাণিজ্যিক বিক্ৰীৰ বাবে শুভাৰম্ভণি কৰা হয়। পশ্চিমবঙ্গ আৰু চুবুৰীয়া দেশ ভূটানলৈ ১৫০টন ফৰমেলিন ভৰ্তি বাহন ৰপ্তানি যাত্ৰা আৰম্ভ কৰা হয় প্ৰথমটো দিনতে। উল্লেখ্য যে উদ্যোগটোৰ জৰিয়তে বৃহৎ অঞ্চলটোত অৰ্থ-সামাজিক দিশত ইতিবাচক প্ৰভাৱ পেলাব বুলিও আশাবাদী APL বঙাইগাঁও প্ৰকল্পৰ কৰ্মচাৰী।

লগতে উৎপাদিত সামগ্ৰী সমগ্ৰ ভাৰততে যোগান ধৰাৰ উপৰিও বাংলাদেশ, নেপাললৈও ৰপ্তানি কৰা হ’ব, ইফালে এই সামগ্ৰীসমূহ বাংলাদেশলৈ নদীৰ পথেৰে ৰপ্তানিৰ পৰিকল্পনা। ভৱিষ্যতে ৰপ্তানিৰ বাবে APL বঙাইগাঁও প্ৰকল্পস্থলীত পৰিবহণ কেন্দ্ৰ গঢ়ি তোলা সমান্তৰালভাৱে স্থানীয় লোকৰো ব্যৱসায় তথা সংস্থাপনৰ বাট মুকলি হৈ পৰিছে।