Advertisment

৭০ হাজাৰ নিবনুৱাৰ বিপৰীতে মাত্ৰ আঢ়ৈ হাজাৰ খালী পদ, অসহায় মুখ্যমন্ত্ৰী

মেঘালয়ত প্ৰতিবছৰে ৬৭,৫০০ নিবনুৱাৰ বাবে চাকৰিৰ অভাৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি প্ৰতিবছৰে মেঘালয়ত ৭০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মশক্তিত যোগদানৰ যোগ্যতা অৰ্জন কৰে। এই সংখ্যাৰ বিপৰীতে চৰকাৰে বছৰি মাত্ৰ ২৫০০ চাকৰিহে দিব পাৰে।

 File Photo
File Photo

পৰ্যটনৰ দিশত উত্তৰ-পূবৰ ভিতৰতে অন্যতম চহকী ৰাজ্য মেঘালয়। মেঘালয়ৰ পৰ্যটনস্থলীসমূহলৈ গ’লে আপুনি দেখিব অধিকাংশ স্থানত নিয়োজিত হৈ আছে শিক্ষিত নিবুনুৱা যুৱক-যুৱতী। চৰকাৰী পৰ্যটনস্থলীসমূহৰ বাহিৰেও স্বনিয়োজনৰ বাবে মেঘালয়ৰ বিভিন্ন স্থানীয় লোকৰ তৎপৰতাত গঢ়লৈ উঠিছে বহু পৰ্যটনস্থলী। আৰু এনে পৰ্যটনস্থলী সমূহে জীৱিকাৰ পথ মুকলি কৰিছে বহু নিবনুৱাৰ। ইয়াৰ উপৰিও এই পৰ্যটনস্থলীসমূহৰ আশে-পাশে ক্ষুদ্ৰ ব্যৱসায়ৰে জীৱন জীৱিকাৰ বাট মুকলি কৰিছে একাংশই। কিন্তু এনে শিক্ষিত নিবনুৱাৰ নিয়োগ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাত সমূলি ব্যৰ্থ হৈছে মেঘালয় চৰকাৰ।

Advertisment

মেঘালয় বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধীয়ে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাষ্যই এই কথা স্পষ্ট কৰিছে। অধিৱেশনৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্ৰী চাংমাই স্পষ্টকৈ কয় যে, মেঘালয়ত প্ৰতিবছৰে ৬৭,৫০০ নিবনুৱাৰ বাবে চাকৰিৰ অভাৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি প্ৰতিবছৰে মেঘালয়ত ৭০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মশক্তিত যোগদানৰ যোগ্যতা অৰ্জন কৰে। এই সংখ্যাৰ বিপৰীতে চৰকাৰে মাত্ৰ বছৰি ২৫০০ চাকৰিহে দিব পাৰে। যাৰ ফলত এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে মেঘালয় চৰকাৰ।

মুখ্যমন্ত্ৰী চাংমাই লগতে কয় যে, ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চাকৰি সৃষ্টিৰ বাবে বিনিয়োগৰ প্ৰয়োজনীয়তাকে ধৰি সকলোধৰণৰ সহযোগিতাৰ মেপ তৈয়াৰ কৰা হৈছে। আগন্তুক ৮ বছৰত ৰাজ্যখনৰ পৰ্যটন খণ্ডই প্ৰায় ৫০ হাজাৰ পদ সৃষ্টি কৰিব পাৰিব। লগতে চৰকাৰে এনে ২৫টা ড’মেইন চিনাক্ত কৰিছে য’ত যুৱক-যুৱতীসকলক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চাংমাই লগতে উল্লেখ কৰে যে, ৰাজ্যখনত চাকৰিৰ সংখ্যা বৃদ্ধি কৰিবলৈ ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। মুখ্যমন্ত্ৰী চাংমাই বিৰোধী দলপতি মুকুল চাংমাৰ ভাষ্যত সহমত প্ৰদৰ্শন কৰি কয় যে, প্ৰতিৰক্ষা, স্বাস্থ্য, ক্ৰীড়া, আভিযান্তিক আৰু অনান্য খণ্ডত কৰ্ম সংস্থাপনৰ সুযোগ আছে। এই ক্ষেত্ৰত চৰকাৰে পৰিকল্পনা অনুযায়ী লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব।