Advertisment

ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে এইবাৰ ৰানৱে’ৰ পৰা পিচলি সাগৰত পৰে এখন বিমান। হংকং আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এই বিমান দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ খবৰ। 

 Filephoto
Filephoto

ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে এইবাৰ ৰানৱে’ৰ পৰা পিচলি সাগৰত পৰে এখন বিমান। হংকং আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এই বিমান দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ খবৰ। 

Advertisment

সোমবাৰে পুৱা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়, য’ত এখন কাৰ্গো বিমান বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি পৰি সাগৰত পৰি যায়। বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৩:৫০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে ডুবাইৰ পৰা অহা বিমানখন হংকঙত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখন প্ৰথমে যাত্ৰীবাহী বিমান হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও বিমানখনক পাছলৈ মালবাহী বিমানলৈ ৰূপান্তৰ কৰা হয়। 

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডি'অত বিমানখন আংশিকভাৱে পানীত ডুব যোৱা দেখা গৈছে। বিমানখন যথেষ্ট ক্ষতিগ্ৰস্তও হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত ২জন গ্ৰাউণ্ড ক্ৰু সদস্যৰ মৃত্যুমুখত পৰাৰ লগতে বিমানখনত থকা আন চাৰিজন ক্ৰু মেম্বাৰক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাৰ পিছতে হংকং বিমানবন্দৰৰ উত্তৰ ৰাণৱে বন্ধ কৰি দিয়া হয়।


ডুবাই আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰা বিমানখনত কোনো যাত্ৰী নাছিল, মাত্ৰ চাৰিজন ক্ৰু সদস্য আছিল। হংকং বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। বিমানবন্দৰৰ জৰুৰীকালীন অভিযান কেন্দ্ৰ সক্ৰিয় কৰা হয় আৰু অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে আৱদ্ধ হৈ থকা ক্ৰু সকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ পিছতে বিমানবন্দৰৰ উত্তৰ ৰাণৱে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ২৭ বছৰীয়া ইতিহাসত এই দুৰ্ঘটনাটো অন্যতম ভয়াৱহ দুৰ্ঘটনা বুলি বিবেচিত হৈছে। ইয়াৰ পূৰ্বে ১৯৯৯ চনত চীন এয়াৰলাইন্সৰ এখন বিমান অৱতৰণ কৰি থকা অৱস্থাত বাগৰি পৰি তিনিজন লোকৰ মৃত্যু হৈছিল।