Assameseদৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল চৰাইদেউৰ কৃষ্ণ বৰাদিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়াললৈ আনন্দৰ বতৰা৷ দৰিদ্ৰতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰে নিদৰ্শন দাঙি ধৰিছে চৰাইদেউৰ চাৰিমুঠীয়া গোহাঁই গাঁৱৰ এজন যুৱকে।Jyotiprasad Sarma Oct 12, 2025 15:59 ISTদৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল চৰাইদেউৰ কৃষ্ণ বৰা Photograph: (DY365)দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল চৰাইদেউৰ কৃষ্ণ বৰাদিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়াললৈ আনন্দৰ বতৰা৷ দৰিদ্ৰতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰে নিদৰ্শন দাঙি ধৰিছে চৰাইদেউৰ চাৰিমুঠীয়া গোহাঁই গাঁৱৰ এজন যুৱকে। চৰাইদেউ জিলাৰ লাকুৱা চাৰিমুঠীয়া গোহাঁই গাঁৱৰ কৃষ্ণ বৰা নামৰ যুৱকজনে সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ কনিষ্টবল কমাণ্ডো পদত নিযুক্তি লাভ কৰিছে। দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন কৃষ্ণ বৰাৰ সফলতাত পৰিয়ালৰ লগতে অঞ্চলবাসী এতিয়া উৎফুল্লিত হোৱা দেখা গৈছে। Advertismentকেইবছৰমানৰ পূৰ্বে পিতৃক হেৰুওৱা কৃষ্ণ বৰাই অতি কষ্টৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ পিতৃৰ বিয়োগৰ পিছত ৰাজমিস্ত্ৰীৰ যোগালী কাম কৰা, দিন হাজিৰা কৰাৰ লগতে ব্ৰইলাৰ পুহি অতি কষ্টৰে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি আহিছিল৷ পিতৃৰ বিয়োগৰ পিছতে কৃষ্ণ বৰাই ভায়েকৰ পঢ়া-শুনাৰ লগতে অন্যান্য খৰচ বহন আহিছে।দিন হাজিৰা কৰি ঘৰখনক আৰ্থিকভাৱে সকাহ দিয়া কষ্ণ বৰাই বিগত কেইবাবছৰৰ পৰাই অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগত এটা চৰকাৰী চাকৰি লাভৰ বাবে চেষ্টা কৰি আহিছিল। সেই চেষ্টা অৱশেষত সাৰ্থক হ'ল কৃষ্ণ বৰাৰ৷ মনত দেশ সেৱা কৰাৰ বাবে পুহি ৰখা সপোন আজি বাস্তৱত পৰিণত হ’ল৷অভাৱে জুৰুলা কৰা, আৰ্থিকভাৱে দুৰ্বল হ'লেও কষ্ণ বৰাই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে প্ৰতিদিনে অধ্যয়ন কৰা, খেলপথাৰত পুৱা-গধূলি দৌৰৰ আখৰা কৰাৰ উপৰি নিজকে চাকৰিৰ বাবে যোগ্য কৰি তুলিবলৈ সকলো প্ৰস্তুতি চলাইছিল।সম্পূৰ্ণ স্বচ্চ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হোৱা পৰীক্ষাত কৃষ্ণ বৰাই সফলতা লাভ কৰাত পৰিয়ালৰ মাজত এতিয়া আনন্দৰ বন্যা বৈছে। কষ্ট কৰিলে যে সফলতা নিজে নিজে ওচৰ চাপি আহে তাৰে উদাহৰণ কৃষ্ণ বৰা। কৃষ্ণ বৰাৰ এই সফলতাত আমাৰ ফালৰ পৰাও থাকিল শুভকামনা। Read the Next Article