"জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ জুবিন গাৰ্গবিহীন এটা মাহ। প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে একুৰা জুই। মৰমৰ শিল্পীগৰাকীৰ অকনমান সান্নিধ্য পাবলৈ জুবিন ক্ষেত্ৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ সোঁত। ইয়াৰ মাজতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি ছিংগাপুৰলৈ SITৰ দল। Advertisment SDGP মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা SITৰ এটা দুজনীয়া দল। দলটোত থাকিব IPS বিষয়া তথা SITৰ অন্যতম সদস্য তৰুণ গোৱেল। ছিংগাপুৰলৈ গৈ জুবিন গাৰ্গে থকা পেন পেচিফিক হোটেলতো SITৰ দলে অনুসন্ধান চলাব পাৰে। লগতে ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোত পাৰ্টী চলা য়টখনতো অনুসন্ধান চলাব SITৰ দলটোৱে। য়টখনৰ কেপ্টেইনৰ লগতে অন্যান্য কৰ্মচাৰীকো সোধা-পোছাৰ সম্ভাৱনা আছে। ইতিমধ্যে তদন্তৰ বাবে অনুমতি প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পূৰ্বৰে পৰা থকা চুক্তি অনুসৰিয়েই SITৰ দলটোৱে কৰিব ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। প্ৰাণৰ শিল্পীগৰাকী নোহোৱা এমাহ পাৰ হ'ল। প্ৰতিদিনে মৰি মৰি জীয়াই আছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী। জুবিন গাৰ্গে ন্যায় পোৱা বুলি প্ৰতিগৰাকী অসমীয়া আশ্বস্ত নোহোৱা পৰ্যন্ত অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰা নুনুমায়। বিগত এমাহ ধৰি জুবিনময় হৈ পৰিছে সমগ্ৰ অসম। বাটে-ঘাটে এতিয়া সকলোৰে মুখে মুখে কেৱল জুবিনৰ গান। মৰমৰ শিল্পীগৰাকীৰ অকনমান সান্নিধ্য পাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ সোঁত বৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। সমগ্ৰ ৰাজ্যবাসীক লাগে এতিয়া জুবিন গাৰ্গৰ ন্যায়। সেই অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল, কিয় জুবিন গাৰ্গৰ দৰে এটা সত্বাক আমি হেৰুবাৱ লগীয়া হ'ল তাৰ উত্তৰৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কালি নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গৈছিল হাৰ্টথ্ৰ'ৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সমাধিক্ষেত্ৰত ৰাজহুৱাকৈ পালন কৰা আদ্যশ্ৰাদ্ধত উপস্থিত হৈ কান্দোনত ভাগি পৰে গৰিমা শইকীয়া গাৰ্গ। অনুৰাগীক উদ্দেশ্যি গৰিমাই ক'লে- "জুবিন আমাৰ মাজত নাই বুলি ক"বটো নোৱাৰো, কিন্তু অভাৱনীয় এটা ঘটনাৰ এমাহ হ"ল। সেই দিনটোত জুবিনৰ লগত প্ৰকৃততে কি হৈছিল আমি সকলোৱে জানিব লাগিব। জুবিনৰ বাবে আমাৰ লগতে আপোনালোকেও এখন যুদ্ধ কৰি আছে। এক আস্থাৰে, শান্তিৰে, ধৈৰ্য্যৰে আমি অপেক্ষা কৰিছোঁ। শুদ্ধভাৱে, পানী নসৰকাভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হওক। জুবিনক আমিয়েই অমৰত্ব দিব লাগিব, জুবিনক আমি আমাৰ মাজত সদায়েই জীয়াই ৰাখিব লাগিব। জুবিনৰ ন্যায়ৰ বাবে প্ৰতিদিনে যুদ্ধ কৰি আছোঁ, যুদ্ধ কৰি যাম। আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমি জানোঁ'। তাৰ পাছতে জয় জুবিনদা শ্ল"গানেৰে মুখৰিত হ"ল জুবিন ক্ষেত্ৰ। কান্দি কান্দি অনুৰাগীৰ সৈতে গৰিমা শইকীয়া গাৰ্গে গালে জুবিনৰ প্ৰিয় "মায়াবিনী"।"