Assameseমমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈঅসমলৈ ঘূৰি আহিল বিদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিওৱা যুৱক। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ বাসিন্দা মমৰ আলীক ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ কৰা হৈছিল পুছবেক।Naba Gogoi Oct 23, 2025 18:18 ISTবিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈগুৱাহাটী, ২৩ অক্টোবৰঃ বিদেশীৰ সন্দেহত বাংলাদেশলৈ পুছবেক কৰা যুৱক আহি উপস্থিত হ'ল স্ব-গৃহত। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাত বাংলাদেশীৰ সন্দেহত মমৰ আলীক বাংলাদেশলৈ পুছবেক কৰিছিল আৰক্ষীয়ে। ৫ মাহে বাংলাদেশত থাকি অৱশেষত নিজ গৃহত উপস্থিত হয় মমৰ আলী।Advertismentalso read: দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্যবিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ মমৰ আলীক বিগত ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ পুছবেক কৰা হৈছিল। প্ৰায় ৫ মাহ পিছত স্থানীয় দ'ল সংগঠন আৰু মহামায়া জিলা পৰিষদৰ সদস্যা ছফুৰা খাতুন আৰু প্ৰাক্তন কংগ্ৰেছ নেত্ৰী শাবানা আখতাৰাৰ প্ৰচেষ্টাত স্ব-গৃহ উপস্থিত হয় মমৰ আলী। also read: জুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী...বাংলাদেশী সন্দেহত পুছবেক কৰা মমৰ আলী ঘৰত উপস্থিত হয় আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ। আমছুৰ সভাপতিগৰাকীয়ে মমৰ আলীৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। ৰেজাউল কৰিম সৰকাৰ ক'লে- 'হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সীমান্ত আৰক্ষী আৰু FT ক'ৰ্ট হৈছে ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ ফেক্টৰী-। 'পুছবেকৰ নামত অসম চৰকাৰৰ ব'ডাৰ পুলিচে নাটক ৰচনা কৰিছে তাৰ জলন্ত প্ৰমাণ মমৰ আলী'।also read: এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰলগতে '৫১ৰ NRC, আৰু '৬৬ৰ ভোটাৰ তালিকাত নাম থকা ভাৰতীয় নাগৰিকক আৰু সংখ্যালঘু মুছলমানক বিদেশীৰ নামত অত্যাচাৰ কৰাৰ অভিযোগ আমছুৰ।AdvertismentAdvertisment Read the Next Article