Assameseজুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী...জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ক'ৰবাৰ পৰা এটা হাইঠা চৰাই আহি দুদিন ধৰি ৰৈ আছিল। সকলোকে আচম্বিত কৰি জুবিনৰ প্ৰতিচ্ছবিক নয়নভৰি চাই আছিল চৰাইটোৱে। তাৰ পিছতে হাইঠা চৰাইটোৱে ত্যাগ কৰিলে প্ৰাণ।Jyotishmoy Dutta Oct 23, 2025 17:16 ISTজুবিন আৰু এটা হাইঠা চৰাই কাহিনী... Photograph: (DY365)জুবিন আৰু এটা হাইঠা চৰাইকাহিনী... সেউজ পৰিৱেশত সংগীতৰ অনুৰণন...জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল,তেঁও আছিল এজন সঁচা প্ৰকৃতি প্ৰেমী। জুবিনে অসমৰ বনাঞ্চল ধংস,বন্যপ্ৰাণী সুৰক্ষা আৰু বানপানী দৰে সমস্যাত সক্ৰিয়ভাৱে মাত মাতিছিল। গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে গছ কটাকলৈ জুবিনেও সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। সেয়া জুবিনৰ প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন। জুবিনে স্পষ্টকৈ কৈছিল উন্নয়নৰ নামত প্ৰকৃতিৰ ধংস কৰাটো কোনো কাৰণত উচিত নহয়।AdvertismentALSO READ:চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই?প্ৰাণৰ শিল্পী জুবিন আছিল এজন বন্যপ্ৰাণী প্ৰেমিক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু-পক্ষীৰ প্ৰতি তেওঁ বিশেষ প্ৰেম দেখা পোৱা গৈছিল। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে জুবিন গাৰ্গে সদায়সহায়ৰ হাত আগঢ়াইছিল। বিশ্ব গড় দিৱসত জুবিন গাৰ্গে চাইকেল ৰেলী, বৃক্ষ ৰোপণ আদি কাৰ্যসূচীত অংশ লৈছিল। জুবিনৰপ্ৰিয় গছ আছিল নাহৰ আৰু সেই নাহৰৰ পুলি ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনাইছিল জুবিন গাৰ্গে।বিহগীৰে জুবিনৰ গভীৰ সম্পৰ্ক আছিল। জুবিনৰ ঘৰলৈ, জুবিনৰ কাষলৈ নিজে নিজে চৰাই, জীৱ-জন্তু বাট বুলিছিল। জুবিনৰ লগত বহুদিন এটা বগলীয়ে বায় কৰিছিল। জুবিনৰ কান্ধত পৰি আকাশৰ ফালে চাই থাকে বাবে জুবিনে বগলীটোৰ নাম দিছিল উদাসীন গাৰ্গ। ঠিক তেনেদৰে বতাহ-ধমুহাৰ পৰা নিৰাপত্তা বিছাৰি আঘাতপ্ৰাপ্ত এটা বান্দৰো জুবিনৰ কাষ চাপিছিল। জুবিনৰ লগত থকা শোৱা সকলো কৰিছিল বান্দৰটোৱে। পিছত চিকিৎসা কৰি চিৰিয়াখানাত এৰি দিছিল বান্দৰটো। বান্দৰটোৰ নাম ৰাখিছিল মধুসুদন গাৰ্গ। জীৱ-জন্তুৰে জুবিনৰ যি নীবিড় সম্পৰ্ক সেয়া হাজাৰো অধিক। ALSO READ:জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰজুবিন অজান দেশলৈ গুচি গ'ল। কিন্তু আজি ক'বলৈ ওলাইছোঁ জুবিন আৰু এটা হাইঠা চৰাইৰ কাহিনী।ঢকুৱাখনাৰবেবেজীয়াত সংঘটিত হৈছে এক হৃদয়স্পর্শী ঘটনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে মাটিত নপৰাহাইঠাওপৰিল মাটিত। দুটাকৈ দিন জুবিন গাৰ্গৰ ফটোৰ সন্মুখত ৰৈ শোক প্ৰকাশ কৰিলে হাইঠাচৰাইটিয়ে। দুদিন শোক প্ৰকাশৰ অন্তত সেই পবিত্ৰ স্থানতে মৃত্যু হ'ল হাইঠা চৰাইটিৰ।ALSO READ:জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গঢকুৱাখনাবেবেজীয়া চাৰিআলিত দেওবাৰে অনুষ্ঠিত হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাহেকীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ আগত ক'ৰবাৰ পৰা এটা হাইঠা চৰাই আহি দুদিন ধৰি ৰৈ আছিল। আচৰিত ধৰণে জুবিনৰ প্ৰতিচ্ছবিক চাই আছিল চৰাইটোৱে। তাৰ পাছত হাইঠা চৰাইটোৱে নিজ দেহ ত্যাগ কৰে।ALSO READ:জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গজুবিনৰ প্ৰতি থকা চৰাইটোৰ প্ৰেম দেখি ঢকুৱাখনাৰবেবেজীয়াৰ ৰাইজে মানুহৰ দৰেই ধৰ্মীয় নীতি-নিয়মৰে চৰাইটোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। সোৱণশিৰি কৈৱৰ্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক গোট , মিলনজ্যোতি যুৱক সংঘ ৰাইজে বেবেজীয়া ৰাজহুৱা নামঘৰত মানুহৰ দৰেই সমাজিক নীতি-নিয়মেৰে গাঁৱৰ ৰাইজে নামঘৰ চৌহদত চিৰবিদায় দিলে চৰাইটোক। তদুপৰি জুবিন গাৰ্গৰ আৰু হাইঠা চৰাইটো নামত নাহৰ পুলি ৰোপণো কৰে অঞ্চলবাসীয়ে। ALSO READ:জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'বঃ খগেন গগৈAdvertismentAdvertisment Read the Next Article