Advertisment

চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই?

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিৰ ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’ কাৰ্যসূচী। দিলীপ শইকীয়াৰ, পবিত্ৰ মাৰ্ঘেৰিটা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাই অংশ ল'লে প্ৰতিবাদত।

যদি শাসকীয় পক্ষই ন্যায় বিচাৰিব লগা হয়, ৰাইজে কাক ভৰসা কৰিব?

গুৱাহাটী, ২২ অক্টোবৰঃজুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিয়ে আৰম্ভ কৰিলে ন্যায় যাত্ৰা কাৰ্যসূচী। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা আজি বিজেপিয়ে উলিৱাই সমদল। বাছ আস্থানৰ পৰা গৰ্ডন খেলপথাৰলৈ বিজেপিৰ এই সমদল কাৰ্যসূচীত অংশ লয় বহুনেতা-কৰ্মীয়ে। 

Advertisment

also read: বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ

সমদলত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে অংশ লয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত নলবাৰীত উলিওৱা সমদলৰ মূল শ্ল'গান আছিল ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’।

also read: অসমলৈ আহি আছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী। অসমক কি কি দিব নিৰ্মলা সীতাৰমণে?

উল্লেখ্য যে নলবাৰীত বিজেপিৰ এই ন্যায় যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাবী কৰে এতিয়াহে প্ৰকৃত জুবিন অনুৰাগী ৰাজপথলৈ ওলাই আহিছে। বিজেপিৰ সমদলৰ মাজতে মন্ত্ৰী মল্লবৰুৱাই কোৱা অনুসৰি- ‘নলবাৰীৰ বিশাল ন্যায় যাত্ৰা জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব খোজাসকলৰ বাবে এক যোগ্য প্ৰত্যুত্তৰ’। ‘আজি জুবিনৰ হাজাৰ হাজাৰ প্ৰকৃত অনুৰাগী ওলাই আহিছে, যাৰ হৃদয়ত জুবিন গাৰ্গ আছে’।

also read: আশাভংগ ! বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান

নলবাৰীৰ পিছত ২৩ অক্টোবৰত মঙলদৈত উলিওৱা হ’ব বিজেপিৰ ন্যায় যাত্ৰা। সমান্তৰালকৈ ২৪ অক্টোবৰত ডিব্ৰুগড়, ধেমাজি, কাছাৰত বিজেপিৰ ন্যায় যাত্ৰা কাৰ্যসূচী। শাসকীয় দলে ন্যায় বিচাৰি ৰাজপথত ওলোৱাক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি শাসকীয় পক্ষই ন্যায় বিচাৰিব লগা হয়, ৰাইজে ভৰসা কাক কৰিব বুলি ভিন্নজনে সামাজিক মাধ্যমত বিজেপি দলক কৰিছে কঠোৰ সমালোচনা। 

Advertisment
Advertisment