Assameseঅৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত শিৰণত কৰিলে নেপাল চৰকাৰে।৩ কোটি জনসংখ্যাৰ নেপালৰ যুৱ প্ৰজন্মৰ বিশাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰত নেপাল চৰকাৰে যি প্ৰতিবন্ধকতা আৰোপ কৰিছিল সকলোবোৰ আঁতৰাই দিবলৈ বাধ্য হ'ল চৰকাৰ।Mrinmoy Talukdar Sep 09, 2025 10:58 ISTRepresentative Photograph: (File Image)৩ কোটি জনসংখ্যাৰ নেপালৰ যুৱ প্ৰজন্মৰ বিশাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ।Advertismentকিছুদিনৰ আগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰত চৰকাৰে যি প্ৰতিবন্ধকতা আৰোপ কৰিছিল সকলোবোৰ আঁতৰাই দিবলৈ বাধ্য হ'ল চৰকাৰ। প্ৰতিবাদত স্তব্ধ হৈ পৰা নেপালৰ ভয়ংকৰ পৰিৱেশৰ পিছতে ফেচবুক, ইউটিউবকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যি প্ৰতিবদ্ধকতা আৰোপ কৰিছিল সেইবোৰ আঁতৰাই দিলে চৰকাৰে।ছ’চিয়েল মিডিয়াৰ ওপৰত থকা প্ৰতিবন্ধকতাও প্ৰত্যাহাৰ কৰে চৰকাৰে। নৱপ্ৰজন্মৰ বিপ্লৱত নিষিদ্ধকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে চৰকাৰে। নেপালৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ পঞ্জীয়ন নকৰাৰ বাবে ঘোষণা কৰিছিল নিষিদ্ধকৰণ।কাৰ্যতঃ ফোন আৰু ইণ্টাৰনেট নিষিদ্ধ কৰিছিল নেপাল চৰকাৰে। ৪ ছেপ্টেম্বৰত নেপাল চৰকাৰে ২৬টা সামাজিক মাধ্যম প্লেটফৰ্ম নিষিদ্ধ ঘোষণা কৰিছিল। নেপাল চৰকাৰৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধেও ক্ষোভৰ উদ্গীৰণ ঘটিছিল তাৰ বিৰুদ্ধেই সোমবাৰৰ পুৱাৰে পৰা নেপালৰ ৰাজপথত আৰম্ভ হৈছিল প্ৰতিবাদ। নেপাল চৰকাৰ সন্মুখীন হয় গণবিক্ষোভৰ। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে গৃহমন্ত্ৰী ৰমেশ লেখকে।Gen Z বিপ্লৱত দিশহাৰা হৈ পৰিছিল কে পি শৰ্মা অলি চৰকাৰ। প্ৰতিবাদকাৰীয়ে একেসময়তে দাবী তুলিছিল অলি চৰকাৰৰ পদত্যাগ। কম সময়ৰ ভিতৰতে কাঠমাণ্ডুৰ পৰা বিক্ষোভ বিয়পি পৰিছিল নেপালৰ আন আন প্ৰান্তলৈ।সোমবাৰে সংসদ ভৱনৰ সন্মুখত যুৱ সমাজৰ নেতৃত্বত হৈছিল গণ আন্দোলন। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল যুৱক–যুৱতী। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰিছিল ৰাজপথ। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি চৰকাৰৰ বিৰুদ্ধে কাঠমাণ্ডুত হৈছিল বৃহৎ প্ৰতিবাদ।আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। ৰাজধানী কাঠমাণ্ডুৰ আকাশ-বতাহ কঁপাই তুলিছিল প্ৰতিবাদকাৰীয়ে। জেন জি ৰিভলিউশ্যন নামেৰে এই বিশাল প্ৰতিবাদ। আৰক্ষীৰ বাধা নেওচি ওলাই আহিছিল হাজাৰ হাজৰ যুৱক–যুৱতী।প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চলাইছিল গুলী। সেনা, নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ১৯ প্ৰতিবাদকাৰীয়ে। ঘটনাত বহু প্ৰতিবাদকাৰী আহত হোৱাৰো তথ্য। Read the Next Article