Assameseঅসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ'২৬ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। Mrinmoy Talukdar Oct 12, 2025 16:27 ISTFilephotoঅসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ'২৬ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। Advertisment'২৬ৰ বাবে প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ। বিগত কিছুদিনত কেইবাগৰাকীও বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়কে যোগদান কৰিছে কংগ্ৰেছ দলত। আজি ঢেকিয়াজুলিত উপস্থিত হৈ বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ সভাপতিগৰাকীৰ। গৌৰৱ গগৈৰ মন্তব্য- বিজেপি দলটো এতিয়া দল হৈ থকা নাই। বিজেপি দলত এতিয়া নীতি-আদৰ্শ নাই। বিজেপি দলটোক প্ৰাইভেট লিমিটেডৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভিত আৰু মোহভংগ হৈছে বিজেপি নেতা-কৰ্মী, যাৰ বাবে আমি আশা কৰাতকৈও বেছি বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি গৌৰৱ গগৈৰ মন্তব্য- নিজৰ ব্যক্তিগত লাভালাভ আৰু সম্পতিৰ বাবেহে ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু কোম্পানীত পাচ জন ডিৰেক্টৰ আছে। প্ৰথম ডিৰেক্টৰ পিয়ুজ হাজৰিকা, দ্বিতীয় ডিৰেক্টৰ জয়ন্ত মল্ল বৰুৱা, তৃতীয় ডিৰেক্টৰ দিগন্ত কলিতা, চতুৰ্থ ডিৰেক্টৰ মানৱ ডেকা আৰু পঞ্চমজন ডিৰেক্টৰ অশোক সিংহাল। আৰু এই ডিৰেক্টৰ সমূহৰ মাজত প্ৰতিযোগিতা চলিছে কাৰ ঘৰ কিমান ডাঙৰ আৰু কাৰ টকা বেছি। এদিন পুৰ্বে মুখ্যমন্ত্ৰীয়ে নিজৰ সম্পত্তিৰ ওপৰত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ সম্পত্তি নোহোৱা কথাটো বিশ্বাস নকৰে অসমৰ ৰাইজে। অসমৰ মুখ্যমন্ত্ৰী হৈছে কোটিপতি মুখ্যমন্ত্ৰী। ভাৰতৰ ভিতৰত নৱম স্থানত আছে আমাৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি।আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল জানিব বিছাৰে অসমৰ ৰাইজে। শ্যামকানু মহন্তক লৈ মুখ্যমন্ত্ৰী নিমাত কিয় বুলিও প্ৰশ্ন গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কলে, ফেচবুক খুলিলে গম পাব মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ কোন? জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি সন্ধিয়াৰ পৰা সকলোকে #JusticeForZubeenGarg লিখিবলৈ আহ্বান গৌৰৱ গগৈৰ। ৰাইজৰ সপোন বাস্তৱ কৰাৰ বাবে কাম কৰিব কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ লগত আছে অসমৰ ৰাইজৰ মৰম। কংগ্ৰেছ দল কাৰো ব্যক্তিগত লাভালাভৰ বাবে নহয়। ৰাইজৰ উন্নয়ণৰ বাবে সকলোৱে কংগ্ৰেছ কৰিব লাগিব। গৌৰৱ গগৈয়ে পুনৰ ক'লে- 'অসমৰ এইবাৰ যুঁজ এখন হব'। Read the Next Article