Advertisment

আশাভংগ ! বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান

আই চি চি মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান।  কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৫০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান। পৰাজয়ৰ লগে লগে ছেমি ফাইনেলৰ আশা ভংগ পাকিস্তানৰ।  

 Filephoto
Filephoto

আশাভংগ ! বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান

আই চি চি মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান।  কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৫০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান। পৰাজয়ৰ লগে লগে ছেমি ফাইনেলৰ আশা ভংগ পাকিস্তানৰ।  

Advertisment

আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে। বৰষুণে বিধিপথালি জন্মোৱা বাবে খেলখন ৪০ অভাৰলৈ হ্ৰাস কৰা হয়।  নিৰ্ধাৰিত ৪০ অভাৰত দক্ষিণ আফ্ৰিকাই ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩১২ ৰান। দক্ষিণ আফ্ৰিকাৰ হৈ ল’ৰা উলভাৰ্ডে সৰ্বাধিক  ৯০ ৰান সংগ্ৰহ কৰাৰ লগতে চুনে লুছে ৬১ আৰু মাৰিজান কেপে বলত ৬৮ ৰান সংগ্ৰহ কৰে। শেষৰফালে নাডিন ডি ক্লাৰ্কেও মাত্ৰ ১৬টা বলতে বিস্ফোৰক ৪১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ নশ্ৰা সন্ধু আৰু সদিয়া ইকবালে তিনিটাকৈ উইকেট দখল কৰাৰ লগতে অধিনায়ক ফাতিমা ছানাই এটা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত পাকিস্তানে ৩১৩ ৰানৰ পাহাৰসম লক্ষ্য অতিক্ৰম কৰিবলৈ অহাৰ সময়তে আকৌ খেলখনত বৰষুণে বিধিপথালি জন্মায়। ফলত প্ৰথম অৱস্থাত পাকিস্তানত ডাকৱৰ্থ-লুইছ পদ্ধতিৰে ৪০ অভাৰত ৩০৬ ৰানৰ লক্ষ্য বান্ধি দিয়া হয়। কিন্তু বৰষুণৰ বাবে এই লক্ষ্য পৰৱৰ্তী সময়ত ২৫ অভাৰত ২৬২ ৰানলৈ হ্ৰাস কৰা হয়। কিন্তু পুনৰ বৰষুণে বিধিপথালি জন্মোৱাত অৱশেষত লক্ষ্য ২০ অভাৰত ২৩৪ ৰানলৈ হ্ৰাস পায়।

কিন্তু পাকিস্তানে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ৮৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ হৈ ছিদ্ৰা নৱাজে ২২ আৰু নাটালিয়া পাৰভেজ ২০ ৰানকৈ সংগ্ৰহ কৰে। মহিলা বিশ্বকাপত এয়া চতুৰ্থটো পৰাজয়। এই পৰ্যন্ত ৬খন খেলৰ দুখন খেল পৰিত্যক্ত হোৱাৰ লগতে ৪খনতে পৰাস্ত হৈছে পাকিস্তান। আনহাতে, ৬খন খেলৰ ৫খনত জয় আৰু এখনত পৰাজয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে  দক্ষিণ আফ্ৰিকা।

Advertisment
Advertisment