Advertisment

বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী!

২০২ আসনেৰে বিহাৰত আধিপত্য বিস্তাৰ NDAৰ। তচনচ হৈ গ’ল বিৰোধী শিবিৰৰ মহাগঠবন্ধন। বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী।‘নীতিশ কুমাৰৰ বাদে আৰু কোনো নেতা নাই’। সংবাদ মাধ্যমৰ আগত এই দাবী কৰিলে JD(U)ৰ নেতা শ্যাম ৰজকে ।

 Bihar cm Photograph: (internet)
Bihar cm Photograph: (internet)

বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী ! দিল্লীৰ পৰা আৰম্ভ কৰি পাটনালৈ শীৰ্ষ নেতৃত্ৱৰ বৈঠক। 

Advertisment

কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? বিহাৰ নিৰ্বাচনত NDAৰ জয় লাভ কৰাৰ পিছতেই নতুন মুখ্যমন্ত্ৰীক লৈ চৰ্চা। দিল্লীৰ পৰা আৰম্ভ কৰি পাটনালৈ শীৰ্ষ নেতৃত্ৱৰ সৈতে অনুষ্ঠিত হৈছে বৈঠক । ২০২ আসনেৰে বিহাৰত আধিপত্য বিস্তাৰ NDAৰ। তচনচ হৈ গ’ল বিৰোধী শিবিৰৰ মহাগঠবন্ধন। চমকপ্ৰদ বিজয়ৰ পাছতে চৰকাৰ গঠনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে NDA শিবিৰৰ। NDA শিবিৰে বিহাৰত এইবাৰ ঘোষণা কৰা নাছিল নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ মুখ। বিহাৰত নীতিশ কুমাৰেই পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব নেকি এই প্ৰশ্ন এতিয়া মুখে মুখে ? আনহাতে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভত ভাগে ভাগে দিল্লীৰ পৰা আৰম্ভ কৰি পাটনালৈ বহিছে বৈঠক। 

বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী। ‘নীতিশ কুমাৰৰ বাদে আৰু কোনো নেতা নাই’। সংবাদ মাধ্যমৰ আগত এই দাবী কৰিলে  JD(U)ৰ নেতা শ্যাম ৰজকে । শুকুৰবাৰে বিয়লি নীতিশ কুমাৰৰ ঘৰলৈ গৈ সাক্ষাৎ কৰিছিল সম্ৰাট চৌধুৰীয়ে। বিহাৰৰ নতুন চৰকাৰ গঠন প্রক্রিয়াক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে চৰ্চা। আনহাতে মুখ্যমন্ত্ৰীৰ পদ নাপালে পুনৰ লুটি-বাগৰ মাৰিব নেকি নীতিশ কুমাৰে? পূৰ্বে ক্ষমতাৰ বাবে ৭বাৰকৈ লুটি-বাগৰ মাৰিছিল নীতিশ কুমাৰে।


আনহাতে বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন ধূলিসাৎ হ'ল। কিন্তু বিহাৰৰ ফলাফলে নিৰাশ কৰা নাই ৰাজ্যৰ বিৰোধী শিবিৰক। বিহাৰত NDAই লাভ কৰিলে ২০২ আসন আৰু বিপৰীতে বিৰোধী মহাজোঁটে লাভ কৰিলে মাত্ৰ ৩৪খন আসন। বিহাৰৰ শোচনীয় পৰাজয়ৰ পিছতে অসমকলৈ গৌৰৱ গগৈৰ দাবী 'অসমত কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব চৰকাৰ'। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  মতে বিহাৰতকৈও ভাল ফলাফল অসমত পাব বিজেপিয়ে, বিহাৰৰ ফলাফলৰ পিছতেই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। ২০২৬ ৰ নিৰ্বাচনকলৈ কলে গৌৰৱ গগৈয়ে, 'বিহাৰ বিহাৰ হয়, অসম অসমেই হয়'। 'বিহাৰৰ লোকে বিহাৰত ভোট দিব, অসমৰ লোকে অসমত ভোট দিব'। 'অসমৰ প্ৰতিটো জাতি, জনজাতিয়ে বিজেপিক বিদায় দিবলৈ সাজু'। 'কংগ্ৰেছৰ নেতৃত্বত জনতাৰ সেৱা কৰা এখন চৰকাৰ আনিব ৰাইজে'।'মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলৰ মাটি কাঢ়ি আদানি, আম্বানিক দিলে'। 'ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ সকলো কাম আমি কৰিম'। 

Advertisment
Advertisment