Advertisment

উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। চেন্নাইৰ ৰেলা হাস্পতালত দেহাৱসান বাঁহীবাদক দীপক শৰ্মাৰ। পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ দীপক শৰ্মাৰ। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শৰ্মা। ৫৭ বছৰ বয়সত উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা।

 উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা Photograph: (DY365)
উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা Photograph: (DY365)

বাঁহীত আৰু সুৰ দিবলৈ নাহে দীপক শৰ্মা


উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। চেন্নাইৰ ৰেলা হাস্পতালত দেহাৱসান বাঁহীবাদক দীপক শৰ্মাৰ। পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ দীপক শৰ্মাৰ। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শৰ্মা। ৫৭ বছৰ বয়সত উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা।

Advertisment

Also Read: পৰ্যটকৰ বাবে ভাল খবৰ

বাঁহীত আৰু সুৰ দিবলৈ নাহে দীপক শৰ্মা। বাঁহীত আৰু নপৰে দীপক শৰ্মাৰ সেই যাদুকৰী আঙুলিৰ পৰশ। শৰ্মাৰ সৃষ্টিত আৰু নাবাজে বাঁহীৰ মিঠা, কৰুণ কিম্বা অন্য সুৰ, ভাহি নাহে বাঁহীৰ অনুৰণন। বিদায় প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মা।

দীপক শৰ্মাৰ দেহাৱসানৰ পাছতে পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত বিৰাজ কৰে শোকাকুল পৰিৱেশে। উকা হৈ ৰ’ব বাঁহীবাদক দীপক শৰ্মাৰ ঘৰখন। মাথোঁ উজলি থাকিব প্ৰাপ্তিবোৰ। 

Also Read: ওদালগুৰিত ভয়ংকৰ ঘটনা। ভূটিয়াচাং নৈৰ পাৰত কাৰ মৃতদেহ উদ্ধাৰ?

অকালতে সৰিল আৰু এপাহ ‘প্ৰতিভাৰ ফুল’। বাঁহীবাদকজনৰ মৃত্যুত অসমে হেৰুৱালে আন এটি উজ্জ্বল ৰত্ন। দীপক শৰ্মাই অসমীয়া সাংস্কৃতিক জগতত বাঁহীক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। দীপক শৰ্মাৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সকলোকে। বাঁহীৰ সুৰেৰে জগত জয় কৰিছিল দীপক শৰ্মাই। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাঁহীবাদনৰ যাদুৰে অসমক জনাজাত কৰি তুলিছিল বাঁহীবাদক দীপক শৰ্মাই। 

অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত জন্ম গ্ৰহণ কৰিছিল দীপক শৰ্মাই। ১৯৮৬ চনৰ ২৩ আগষ্টত অসমৰ অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত (বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত) দীপক শৰ্মাৰ জন্ম। 

Also Read: সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মান

বাঁহীবাদক দীপক শৰ্মাৰ শৈশৱৰ পৰাই বাঁহীৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ। বাঁহীৰেই অসমৰ সংগীত জগতত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল দীপক শৰ্মাই। দেশে-বিদেশে বিভিন্ন অনুষ্ঠানত বাঁহীবাদনেৰে সন্মোহিত কৰি তুলিছিল সকলোকে। কেইবাখনো অসমীয়া চলচ্চিত্ৰ, টিভি ধাৰাবাহিকৰ লগতো জড়িত আছিল দীপক শৰ্মা। যোৱা কিছু বছৰ ধৰি যকৃতৰ সমস্যাত ভুগি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক দীপক শৰ্মাই। বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত অসমীয়াসাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি। 

Advertisment
Advertisment