Advertisment

অসমীয়াৰ হৃদয় স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু নাই।

অসমীয়াৰ হৃদয় স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু নাই। শুকুৰবাৰে ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ’ল ৫২ বছৰীয়া জুবিন গাৰ্গ। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত এক অনুষ্ঠানৰ বাবে গৈছিল জুবিন।

 File photo
File photo

সাগৰ তলিত শুবৰে মন...

অসমীয়াৰ হৃদয় স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু নাই। শুকুৰবাৰে ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ’ল ৫২ বছৰীয়া জুবিন। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত এক অনুষ্ঠানৰ বাবে গৈছিল জুবিন। নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ গৈছিল হাৰ্টথ্ৰৱ। অনুষ্ঠানৰ পূৰ্বে য়টত উঠি সাগৰলৈ গৈছিল জুবিন। সাঁতুৰিবৰ বাবে লাইফ জেকেট পিন্ধি জুবিন নামিছিল পানীত। সাঁতুৰি থাকোঁতেই স্বাস্থ্যৰ অৱনতি ঘটে জুবিনৰ। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল গাৰ্গক। ছিংগাপুৰৰ জেনেৰেল হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল জুবিনক। কিন্তু সকলো চেষ্টা অসাৰ কৰি অজস্ৰ অনুৰাগীক কন্দুৱাই জুবিন ঘূৰি নহাৰ পথেৰে গুচি গ’ল। 

Advertisment


আজি ছিংগাপুৰত সম্পন্ন হ’ল জুবিনৰ মৰণোত্তৰ পৰীক্ষা। ছিংগাপুৰ জেনেৰেল হাস্পতালত সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পিছতে ভাৰতীয় কৰ্তৃপক্ষক গতালে নশ্বৰ দেহ। 
ছিংগাপুৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে জুবিনৰ নশ্বৰ দেহ অনা হ’ব ভাৰতলৈ। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৬ বজাত ছিংগাপুৰৰ পৰা উৰিব বিমানখন আৰু নিশা প্ৰায় ১১ বজাত নতুন দিল্লী পাব বিমানখন। নতুন দিল্লীৰ পৰা অনা হ’ব গুৱাহাটীলৈ। প্ৰথমে কাহিলীপাৰাৰ বাসগৃহলৈ নিয়া হ’ব জুবিনৰ নশ্বৰ দেহ। বাসগৃহত কিছু সময় ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ। তাৰ পিছত জুবিনৰ নশ্বৰ দেহ ৰখা হ’ব সৰুসজাই ষ্টেডিয়ামত। অসমবাসীয়ে মৰমৰ শিল্পীজনক সৰুসজাইতে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।

জুবিনৰ আকস্মিক মৃত্যুক লৈ শোকস্তব্ধ অসমবাসী। গাৰ্গৰ প্ৰতি সন্মান জনাই ব্যৱসায়ীসকলে বন্ধ ৰাখিছে দোকান-পোহাৰ। জনশূন্য হৈ পৰিছে অসমৰ প্ৰায়বোৰ ৰাজপথ। গুৱাহাটীত স্বতঃস্ফূৰ্তভাৱে ব্যৱসায়ীয়ে বন্ধ ৰাখিলে দোকান-পোহাৰ। সকলো প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে। শোকত ভাঙি পৰিছে সকলো। 

জুবিনৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক বন্ধ ঘোষণা চৰকাৰৰ। ২০-২১-২২ ছেপ্টেম্বৰত ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ। গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা ৰাজ্যিক বন্ধ ঘোষণা। আজিৰ পৰা তিনিদিনলৈ চৰকাৰৰ সকলো কাৰ্যসূচী বাতিল। 


১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্ম হৈছিল গাৰ্গৰ। জুবিনৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ। মাতৃৰ নাম স্বৰ্গীয়া ইলি বৰঠাকুৰ। শিৱসাগৰ জিলাৰ জাঁজীত জুবিনৰ পিতৃৰ ঘৰ। 
জুবিনৰ ল'ৰালি কাল বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। যোৰহাটত ডাঙৰ-দীঘল হৈছিল জুবিন। দেউতাক কৰ্মসূত্ৰে আছিল মেজিষ্ট্ৰেট। জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰে প্ৰথম সংগীতৰ গুৰু আছিল। জুবিনৰ মাতৃ ইলি বৰঠাকুৰ আছিল এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী, সুগায়িকা। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি মাতৃকেই বিবেচনা কৰিছিল। জুবিনৰ ২ ভগ্নীৰ নাম জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। গায়িকা, অভিনেত্ৰী জংকী বৰঠাকুৰৰ ২০০২ চনত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। জংকীৰ স্মৃতিত 'শিশু' এলবাম মুক্তি দিছিল জুবিনে। জুবিনৰ আনগৰাকী ভগ্নী পাল্মী বৰঠাকুৰ নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল গাৰ্গ। 


ৰবীন বেনাৰ্জীৰ পৰা জুবিনে প্ৰথমে তবলা শিক্ষা লৈছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত শিকিছিল অসমীয়া লোকসংগীত। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল গাৰ্গে। যোৰহাট জে বি মহাবিদ্যালয়, বি বিৰুৱা কলেজত অধ্যয়ন কৰিছিল জুবিনে। বিজ্ঞানৰ স্নাতক ডিগ্ৰী শিক্ষা গ্ৰহণ কৰিছিল দুয়োখন কলেজত। কিন্তু সংগীতৰ বাবে স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল জুবিনৰ। 

১৯৯২ চনত গায়ক হিচাপে জীৱনৰ আৰম্ভণি কৰিছিল জনপ্ৰিয় শিল্পীজনে। ১৯৯৫ চনত বলীউডত কাম কৰিবলৈ মুম্বাইলৈ গৈছিল জুবিন গাৰ্গ। খুব কম দিনৰ ভিতৰতে বলীউডতো জনপ্ৰিয় হৈ পৰিছিল গাৰ্গ। ৫২ বছৰ বয়সত বহু বঁটা আৰু সন্মান লাভ কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে। ১৯৯৬ চনত চান্দিনী ৰাত এলবামৰ বাবে চেনেল ভি মিউজিক এৱাৰ্ড লাভ কৰিছিল জুবিন গাৰ্গে। ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে বি এফ জে এ বঁটা লাভ কৰিছিল জুবিনে। ২০০৫ চনতেই শ্ৰেষ্ঠ প্লে’বেক গায়ক হিচাপে প্ৰাগ চিনে বঁটা লাভ কৰে জুবিন গাৰ্গে।