Assameseওদালগুৰিত ভয়ংকৰ ঘটনা। ভূটিয়াচাং নৈৰ পাৰত কাৰ মৃতদেহ উদ্ধাৰ?ওদালগুৰিত সংঘটিত ভয়ংকৰ ঘটনা। ওদালগুৰিৰ ৪নং ভূটিয়াচাং নৈৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ভূটিয়াচাং নদীৰ পাৰত উদ্ধাৰ ৪৫ বছৰীয়া এজন লোকৰ মৃতদেহ। মৃত লোকজন জিতেন বড়ো বুলি চিনাক্ত হৈছে।Jyotiprasad Sarma Nov 02, 2025 14:07 ISTওদালগুৰিত ভয়ংকৰ ঘটনা Photograph: (DY365)ওদালগুৰিত ভয়ংকৰ ঘটনাভূটিয়াচাং নৈৰ পাৰত উদ্ধাৰ মৃতদেহ...গুৱাহাটী, ২ নৱেম্বৰঃ ওদালগুৰিত সংঘটিত ভয়ংকৰ ঘটনা। ওদালগুৰিৰ ৪নং ভূটিয়াচাং নৈৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ভূটিয়াচাং নদীৰ পাৰত উদ্ধাৰ ৪৫ বছৰীয়া এজন লোকৰ মৃতদেহ। মৃত লোকজন জিতেন বড়ো বুলি চিনাক্ত হৈছে।AdvertismentAlso Read: সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মানখবৰ অনুসৰি মৃত জিতেন বড়ো নিশা নিজ কামৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিল। কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা জিতেন বড়ো উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পৰিয়ালৰ লোকে নিশাই জিতেন বড়োক বিচাৰিব লয়। অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বিচাৰ-খোচাৰ কৰে যদিও কোনোধৰণৰ সন্ধান নাপালে জিতেন বড়োৰ। জিতেন বড়ো ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে।Also Read: ইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ...পুৱা গাঁৱৰ শ্ৰমিকসকলে কামলৈ বুলি ওলাই যাওঁতে নৈৰ পাৰত প্ৰত্যক্ষ কৰে এটা মৃতদেহ। লগে লগে অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱাৰ। মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে গাঁওবাসী আৰু গাঁৱৰ সভাপতিক খবৰ দিয়ে ঘটনা সন্দৰ্ভত। ইফালে মৃতদেহ উদ্ধাৰৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ভূটিয়াচাং নৈৰ পাৰত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।Also Read: কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতাউল্লেখ্য যে, জিতেন বড়োক কোনোবাই হত্যা কৰি নৈৰ পাৰত পেলাই থৈ যোৱাৰ সন্দেহ জিতেন বড়োৰ পৰিয়ালৰ। আনহাতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ওদালগুৰিলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। AdvertismentAdvertisment Read the Next Article