Assameseকলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে ১ লাখ ৪০ হাজাৰ টকাৰ বেগ।কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই, কেতিয়াবা আকৌ মহিলাৰ হাতৰ পৰা বেগ থপিয়াই। মহিলাক টাৰ্গেট কৰি লৈছে একাংশ চিলনী চোৰে!Naba Gogoi Oct 16, 2025 21:13 ISTচিলনী চোৰে অতীষ্ঠ কৰিছে কলিয়াবৰবাসীক। গুৱাহাটী, ১৬ অক্টোবৰঃ- কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই, কেতিয়াবা আকৌ মহিলাৰ হাতৰ পৰা বেগ থপিয়াই। মহিলাক টাৰ্গেট কৰি লৈছে একাংশ চিলনী চোৰে!Advertismentলগতে পঢ়ক: ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয়এইবাৰ কলিয়াবৰ তিনিআলিত এগৰাকী মহিলাৰ হাতৰ পৰা চিলনী চোৰে থপিয়াই নিলে ১ লাখ ৪০ হাজাৰ টকা। কলিয়াবৰৰ দুলাল মাধৱ গাঁৱৰ বিনিতা গোঁহাই নামৰ মহিলাগৰাকীয়ে কলিয়াবৰ তিনিআলিস্থিত ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল ১ লাখ ৪০ হাজাৰ টকা।লগতে পঢ়ক: পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোনমহিলা গৰাকীৰ হাতৰ পৰা চিলনী চোৰে থপিয়াই নিলে টকাৰ সৈতে এটা মোবাইল ফোন, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংক পাছবুক। মহিলাগৰাকীয়ে উমান নোপোৱাকৈ বেংকৰ ভিতৰত দুজন ব্যক্তিয়ে লক্ষ্য কৰি আছিল মহিলাগৰাকীক। সেই দৃশ্য বন্দী CCTVৰ কেমেৰাত।মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কলিয়াবৰ তিনিআলিস্থিত দূৰ্গা মন্দিৰৰ সমীপত উপস্থিত হওঁতেই বাইকত অহা ২ চিলনী চোৰে মহিলাগৰাকীৰ হাতৰ পৰা থপিয়াই নিয়ে বেগতো। মহিলাগৰাকীয়ে বহু চিঞৰ-বাখৰ কৰিছিল যদিও বাইকত অহা দুই চিলনী চোৰে বেগ লৈ পলায়ন কৰে।লগতে পঢ়ক: বাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGPতাৰ পাছতেই অসহায় মহিলাগৰাকীয়ে কলিয়াবৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা বিৱৰি কোৱাত কলিয়াবৰ আৰক্ষীয়ে দুই চিলনী চোৰৰ সন্ধানত অভিযান চলাইছিল যদিও কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ষ্টেট বেংকৰ পৰা CCTV কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি চলাইছে তদন্ত।কলিয়াবৰৰ পৰা আশীষ কুমাৰ শইকীয়া¸ DY365AdvertismentAdvertisment Read the Next Article