Advertisment

পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন

পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত দুই অসহায় পিতৃ-মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক মোকলাই দিবলৈ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ মাতৃৰ। কিন্তু পুত্ৰক বিচাৰি অহা অসহায় মাতৃক লাঠী দেখুৱাই খেদি পঠিয়ালে আৰক্ষীয়ে। 

 পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন
পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন

পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন

পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত দুই অসহায় পিতৃ-মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক মোকলাই দিবলৈ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ মাতৃৰ। কিন্তু পুত্ৰক বিচাৰি অহা অসহায় মাতৃক লাঠী দেখুৱাই খেদি পঠিয়ালে আৰক্ষীয়ে। 

Advertisment

অশান্ত বাক্সা! শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক বাক্সা জে’ললৈ নিয়াক লৈ বুধবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। শ্যামকানু, সিদ্ধাৰ্থসহ ৫ অভিযুক্ত বাক্সা জে’ল পোৱাৰ সময়তে উত্তেজিত হৈ পৰিছিল ৰাইজ। পুৰুষ-মহিলা সকলোৱে অভিযুক্তক বাক্সালৈ অনাৰ তীব্ৰ বিৰোধিতাৰে কাৰাগাৰৰ সন্মুখতে উত্তেজিত লোকে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। অভিযুক্তক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰীয়ে। উত্তেজিত ৰাইজে জ্বলাই দিছিল আৰক্ষীৰ বাহন। আৰক্ষীলৈ লক্ষ্য কৰি কৰা শিলাবৰ্ষণত আঘাতপ্ৰাপ্ত হৈছিল কেইবাগৰাকীও আৰক্ষী। এটা সময়ত প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ প্ৰথমে লাঠীচালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ লাঠীচালনাৰ পিছতেই অধিক উগ্ৰ হয় আন্দোলনকাৰী। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় দুজনকৈ যুৱক। 

হিংসাত্মক পৰিস্থিতিৰ পিছতে সান্ধ্য আইন জাৰি বাক্সা প্ৰশাসনৰ। কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত ৫ জনৰ অধিক সমৱেত হোৱাত বাধা প্ৰদানৰ লগতে লাঠী, ডেগাৰ, শিল আদি কঢ়িওৱাতো নিষেধাজ্ঞা আৰোপ কৰা হয়। BNSৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে কাৰাগাৰৰ সমীপৱৰ্তী অঞ্চলত। জনসভাৰ আয়োজন, শ্ল’গান বৰ্ষণতো নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে ক্ৰমাত এতিয়া প্ৰায় স্বাভাৱিক হৈছে পৰিস্থিতি। 


বাক্সাৰ এই ঘটনাৰ পাছতে DGPৰ চাঞ্চল্যকৰ মন্তব্য- 'বাক্সাৰ নিকাছিৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ। তৃতীয় পক্ষ জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰে জড়িত একাংশক চিনাক্ত কৰা হৈছে'। এই মন্তব্য DGP হৰমিত সিঙৰ। বুধবাৰে নিশাই বাক্সা জিলা কাৰাগাৰ পৰিদৰ্শন কৰিলে DGPয়ে। ঘটনাস্থলীত উপস্থিত আছিল BTRৰ IGP অখিলেখ সিং। প্ৰায় এঘণ্টাজোৰা বৈঠকত বহিল DGP, IGP প্ৰমুখ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া। বৈঠকৰ অন্তত সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান DGPৰ। 

বাক্সাৰ ভয়ংকৰ পৰিস্থিতিৰ পিছত ঘৰে ঘৰে চলিছিল আৰক্ষীৰ অভিযান। ঘৰে ঘৰে সোমাই ইজনৰ পিছত সিজন যুৱকক উঠাই নিছে আৰক্ষীয়ে। কাৰাগাৰৰ কাষৰীয়া অঞ্চলত তীব্ৰতৰ ৰূপত অভিযান চলাইছিল আৰক্ষীয়ে। আৰক্ষীৰ অভিযানৰ মাজতেই পৰীক্ষা দি উভতি অহা এজন ছাত্ৰকো আটক কৰিছিল আৰক্ষীয়ে। নিশাৰ ভাগলৈ কাৰাগাৰৰ সন্মুখত পুত্ৰক বিচাৰি হিয়া ঢাকুৰি কান্দোন পিতৃ-মাতৃৰ। আৰক্ষীৰ ভৰিত ধৰি পুত্ৰক মোকলাই দিবলৈ অনুৰোধ কৰা মাতৃক লাঠী দেখুৱাই খেদি পঠিয়াইছিল আৰক্ষীয়ে। সমগ্ৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে। দৃশ্য ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক কৰা ব্যৱহাৰক লৈ একাংশই প্ৰশ্ন কৰিছে।