অসমদুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOPদুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOP। SOP জাৰি কৰিলে মহানগৰ আৰক্ষীয়ে। দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী মিলিত হয় বৈঠকত। সকলো পূজা কমিটীৰ বিষয়ববীয়াৰ সৈতে আৰক্ষী-প্ৰশাসনৰ চলে আলোচনা। Jyotiprasad Sarma Sep 18, 2025 23:16 ISTদুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOPআহিনৰ আচল ধৰি ধৰালৈ আকৌ আহিল শৰৎ। শৰতে ন ৰূপত সজাই তোলে ধৰাৰ বুকু। বৰ্ষা ঋতুৰ অন্তত শতৰত আগমনে যুগ যুগ ধৰি মানুহৰ মনত স্নিগ্ধতা, পৱিত্ৰতা তথা অনন্দৰ ঢৌ তুলি আহিছে। এই শৰততে চৌপাশ অমোল মোলাই থাকে শেৱালিৰ সুবাসত। Advertismentশৰতে আনে উৎসৱৰ বতৰা। এই শৰতৰ পৰাই আৰম্ভ হয় বিভিন্ন উৎসৱ-পাৰ্বন। ২৮ ছেপ্টেম্বৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাক লৈ পাৰাপাৰহীন উছাহ প্ৰতিগৰাকীৰ লোকৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন। পূজাৰ বাবে ব্যস্ত হৈ পৰিছে পূজা কমিটীসমূহ। ভিন্ন ঠাইত বিভিন্ন আৰ্হিত নিৰ্মাণ কৰি থকা হৈছে পূজা মণ্ডপ। পূজাৰ দিনকেইটাত ভক্তসকলক চমক দিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে পূজা কমিটীসমূহে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যস্ত হৈ পৰিছে পূজা কমিটীসমূহ। ন ন থীমেৰে পূজা মণ্ডপ নিৰ্মাণ কৰাত ব্যস্ত পূজা কমিটীসমূহ। ন ন ৰূপত পূজা মণ্ডপ সজাই পৰাই তোলাত দিন-ৰাতি ব্যস্ত পূজা কমিটী তথা কলা-কুশলীসকল। দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOP। SOP জাৰি কৰিলে মহানগৰ আৰক্ষীয়ে। দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী মিলিত হয় বৈঠকত। সকলো পূজা কমিটীৰ বিষয়ববীয়াৰ সৈতে আৰক্ষী-প্ৰশাসনৰ চলে আলোচনা। দুৰ্গা পূজাক লৈ কি SOP জাৰি কৰিলে মহানগৰ আৰক্ষীয়ে?১. মহানগৰীৰ প্ৰতিখন পূজা কমিটীয়ে মণ্ডপত ব্যৱস্থা কৰিব লাগিব CCTVৰ। ২. নিশালৈকে সকলো পূজাস্থলীত থাকিব লাগিব স্বেচ্ছাসেৱক৩. স্বেচ্ছাসেৱকসকলৰ তালিকা পূজা কমিটীয়ে দিব লাগিব আৰক্ষীক৪. ভক্তসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৫. কোনো VIP পূজালৈ আহিলে আগতীয়াকৈ অৱগত কৰিব লাগিব আৰক্ষীক৬. ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীক সহযোগিতা কৰিব লাগিব পূজা কমিটীয়ে৭. পূজা মণ্ডপত সুৰাপায়ী লোকৰ প্ৰৱেশ নিষিদ্ধ৮. ভক্তৰ বাবে বিনামূলীয়া পানীৰ ব্যৱস্থা থাকিব লাগিব৯. হেল্প ডেস্ক আৰু মেডিকেল ডেস্কৰ ব্যৱস্থা কৰিব লাগিব পূজা কমিটীয়ে১০. শব্দ প্ৰদূষণ কৰিব নোৱাৰিব পূজা মণ্ডপসমূহেশান্তিপূৰ্ণ, নিৰাপদ আৰু সংগঠিতভাৱে উদযাপন হওক দুৰ্গা পূজা। ভক্তসকলে যাতে ভক্তি আৰু আনন্দৰে উৎযাপন কৰিব পাৰে পূজা তাৰেই লক্ষ্যৰে মহানগৰ প্ৰশাসন আৰু আৰক্ষীয়ে জাৰি কৰিছে SOP। Read the Next Article