Advertisment

কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী

মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্যৰ চৰকাৰে ল'লে এই সিদ্ধান্ত?

 কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২ টাকৈ ঋতুস্ৰাৱৰ ছুটী Photograph: (file photo)
কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২ টাকৈ ঋতুস্ৰাৱৰ ছুটী Photograph: (file photo)

মহিলাৰ বাবে চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত। এই সিদ্ধান্তৰ পিছতে উপকৃত হ'ব বহু মহিলা...

Advertisment

মহিলাসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন ৰাজ্যৰ চৰকাৰৰ। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। এই নীতিৰ অধীনত  ৰাজ্যখনৰ সকলো কৰ্মৰত মহিলাক প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী প্ৰদান কৰা হ’ব। বৰ্তমান আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হ'বলৈ গৈ আছে এই নীতি। মহিলাৰ স্বাস্থ্য আৰু কৰ্মাক্ষেত্ৰত সমানতা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মহিলাৰ বাবে লৈছে এই সিদ্ধান্ত। 

also read: স্বামীৰ জীৱন শেষ কৰা মুস্কানে প্ৰেমিকৰ বাবে ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত


মহিলাৰ ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ৰ অনুসৰি এই সুবিধা কেৱল চৰকাৰী মহিলা কৰ্মচাৰীৰ মাজতেই যে সীমাবদ্ধ থাকিব এনে নহয়। ৰাজ্যখনৰ বেচৰকাৰী মহিলা কৰ্মচাৰীও যেনে, বস্ত্ৰ উদ্যোগত কৰ্মৰত, বহুজাতিক কোম্পানী (MNC), আই টি ফাৰ্ম আৰু অন্যান্য ব্যক্তিগত সংস্থাত কৰ্মৰত মহিলাসকলেও ঋতুস্ৰাৱ ছুটীৰ সুবিধা লাভ কৰিব।

also read: কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ


কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই এই সন্দৰ্ভত উল্লেখ কৰে যে, 'আমাৰ চৰকাৰ যিকোনো কৰ্মক্ষেত্ৰত পুৰুষৰ লগতে মহিলাৰ সন্মান আৰু কল্যাণৰ বাবে সদায় প্ৰতিজ্ঞাবদ্ধ। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ৰ অধীনৰ জৰিয়তে কৰ্ণাটকৰ মহিলা কৰ্মচাৰীসকলে প্ৰতিমাহে এটাকৈ ঋতুস্ৰাৱৰ ছুটী লাভ কৰিব। এই নীতিয়ে কৰ্মচাৰীৰ পৰিস্থিতি বুজি পোৱাৰ লগতে কৰ্মক্ষেত্ৰৰ সৰ্বাংগীন বিকাশৰ সমান্তৰালকৈ কাৰ্যালয়ৰ কামৰ প্ৰতি কৰ্মচাৰীৰ স্পৃহা বৃ্দ্ধি কৰিব। কৰ্ণাটকৰ চৰকাৰে মহিলা কৰ্মচাৰীৰ বাবে লোৱা এই পদক্ষেপ মহিলাৰ কল্যাণৰ বাবে এক নজিৰ হৈ ৰ'ব। মূলত ৰাজ্যখনৰ মহিলাৰ স্বাস্থ্য-সুৰক্ষাৰ বাবে এই আইন প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই। মন কৰিবলগীয়া যে কৰ্ণাটকৰ চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা এই আইনৰ দ্বাৰা আন ৰাজ্য চৰকাৰ-প্ৰশাসন অনুপ্ৰাণিত হৈ মহিলাৰ বাবে ল'ব পাৰে এনে যুগান্তকাৰী পদক্ষেপ। য'ত প্ৰতিখন ৰাজ্যই মহিলাৰ বাবে এনে সুবিধা কৰি মহিলাক উপকৃত কৰিব পাৰে। উল্লেখ্য যে ২০২৪ৰ নৱেম্বৰ মাহত মহিলাৰ বাবে একেই সুবিধা প্ৰদান কৰিছিল ওড়িশা চৰকাৰে। 

ওড়িশাৰ পিছত কৰ্ণাটকে এই সিদ্ধান্ত গ্ৰহণ কৰি সঁচাকৈ মহিলাৰ হিত সাধনত অৰিহণা যোগাইছে। অসম চৰকাৰেও মহিলাক দৰমহাযুক্ত ঋতুস্ৰাৱৰ ছুটী প্ৰদানৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। যাৰ দ্বাৰা অসমৰো লাখ লাখ মহিলা উপকৃত হ'ব।